কোকৰাঝাৰঃ বড়োভূমিত সুকীয়া বড়ো ৰাজ্য অসম্ভৱ বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৱে৷ কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত বনছুৰ কেন্দ্ৰীয় সম্পাদক নৱজ্যোতি স্বৰ্গয়াৰীয়ে সুকীয়া বড়ো ৰাজ্যৰ প্ৰসংগৰ দাবীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য দিবলৈ কোন হয় বুলি প্ৰশ্ন উত্থাপন কৰে?
সংবাদমেলত বনছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে সুকীয়া বড়ো ৰাজ্যৰ দাবী বড়োসকলৰ প্ৰাপ্য সাংবিধানিক অধিকাৰৰ দাবী আৰু বড়োসকলে সংবিধানৰ অষ্টম অনুচ্ছেদৰ ২/৩নং দফা মৰ্মে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি দাবী তুলিছে৷ ইয়াত মুখ্যমন্ত্ৰীয়ে কোনো এটা জনগোষ্ঠীৰ স্বাধীনতা হৰণ কৰি বিৰুদ্ধাচৰণ কৰাটো শোভা নাপায় আৰু এয়া সম্পূৰ্ণ অসাংবিধানিক৷ ছাত্ৰ সংগঠন বনছুৱে আৰু কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবছুকে ধৰি দুই এটা সংগঠনক মাতি নি দিল্লীত আত্মসমৰ্পণ কৰাৰ অৰ্থ এয়া নহয় যে বড়ো জনগোষ্ঠীয়ে আত্মসমৰ্পণ কৰিছে৷ বনছুৱে লগতে আৰু কয় যে বড়ো জনগোষ্ঠী সুখী নহয়৷ যেতিয়ালৈ সুকীয়া বড়ো ৰাজ্য গঠন নহয় তেতিয়ালৈকে বড়ো জনগোষ্ঠীয়ে ডিভাইড আছাম ফিফটি ফিফটিৰ শ্ল’গান দি যাব বুলি স্পষ্ট কৰি দিয়ে৷ সংবাদমেলত বনছুই হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰীহৈ মুখ্যমন্ত্ৰীৰ দৰে কাম কৰি যাওঁক বুলি আহ্বান জনাই কাৰোবাৰ সাংবিধানিক অধিকাৰৰ বিপক্ষে মাতমতাৰ অধিকাৰ নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ লগতে বনছুই অবড়ো বুলি কোনো জাতি নাই তৎস্বত্বেও মুখ্যমন্ত্ৰীয়ে অবড়ো শব্দ প্ৰয়োগ কৰি অসংবিধানিক শব্দ কোৱাটো সভ্য সমাজত শোভা নাপায় বুলি সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷
উল্লেখ্য যে, সুকীয়া বড়ো ৰাজ্যৰ দাবীৰ প্ৰসংগতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত বহু বাক বিতণ্ডাৰ মাজতে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৰ জন্ম হৈছিল।