কোকৰাঝাৰঃ কোকৰাঝাৰ ৩০নং পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে গৃহ সমষ্টিৰ ২০০ ছাত্ৰ-ছাত্ৰীক মুঠ ১০ লাখ টকাৰ জলপানি বিতৰণ কৰে। কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ ইউপিপিএলৰ কাৰ্যালয়ত আজি অনুষ্ঠিত অনুষ্ঠানত ২০০ ছাত্ৰ-ছাত্ৰীক ৫০০০ টকাকৈ জলপানি প্ৰদান কৰাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে। অনুষ্ঠানত ১০ ছাত্ৰ-ছাত্ৰীলৈ আনুষ্ঠানিকভাৱে ৫০০০ টকাকৈ চেক প্ৰদান কৰি নিজ ভাষণত বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে বিটিচি চৰকাৰৰ জ্ঞানৰ পোহৰ আঁচনিৰ (Giyan Swran Bithangki) অধীনত তেওঁৰ গৃহ সমষ্টিৰ ২০০ দুখীয়া ছাত্ৰ-ছাত্ৰীলৈ প্ৰথম পৰ্যায়ত জলপানি দিয়া হৈছে। চৰকাৰে বৰ্তমান শিক্ষাত সৰ্বাধিক গুৰুত্ব দিছে আৰু বিটিআৰ এলেকাত শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ যৎপৰোনাস্তি সমাধানৰ বাবে প্ৰচেষ্টা হাতত লৈছে। বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ, ছাত্ৰ-ছাত্ৰীলৈ চাইকেল, বেগ বিতৰণ, বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা আদিকে ধৰি সকলো বিদ্যালয়ৰ আনুষংগিক সমস্যাবোৰ বিটিচি চৰকাৰৰ উদ্যোগত প্ৰায় সমাধান হৈছে বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শৈক্ষিক বাতাবৰণ যথেষ্ট উন্নত হৈছে বুলি মত প্ৰকাশ কৰিছে বিধায়ক ইছলাৰীয়ে। সকলো ছাত্ৰ-ছাত্ৰীকে উচ্চাকাংক্ষী হ’বলৈ আহ্বান জনাই বিধায়ক ইছলাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক মনপুতি পঢ়া-শুনা কৰি উচ্চশিক্ষা লবলৈও আহ্বান জনায়। বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ মাজত উশৃংলতা বাঢ়িছে আৰু সেয়া মুঠেই শুভলক্ষণ নহয় বুলি মন্তব্য কৰি যিসকল ছাত্ৰ-ছাত্ৰী বিনয়ী, নম্ৰ, নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি একাগ্ৰতা বৰ্তাই ৰাখে তেনে ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰে বুলি মন্তব্য কৰিছে বিধায়ক ইছলাৰীয়ে। আৰ্থিক দৈন্যতা প্ৰতিভা বিকাশত হেঙাৰ নহয় বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পঢ়া-শুনা কৰিবলৈ উদ্গনি দিয়ে। আজিৰ অনুষ্ঠানত দেৱৰগাঁও টিচিএলচিচিৰ সভাপতি বুদ্ধদেৱ মুছাহাৰী, দেৱৰগাঁও ইউপিপিএলৰ ব্লক কমিটিৰ সভাপতি বিজিত বসুমতাৰীকে ধৰি ইউপিপিএলৰ আন দলীয় কৰ্মকৰ্তাসকল উপস্থিত আছিল।