ঝাৰখণ্ডৰ দেওঘৰৰ ত্ৰিকুট পাহাৰত দেওবাৰে ৰ’পৱেৰ কেইবাখনো ট্ৰলীৰ মাজত সংঘৰ্ষ হৈ মধ্যমঅংশত আৱদ্ধ হৈ পৰিছিল৷ যাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হয়৷ দেওবাৰৰ দুৰ্ঘটনাৰ পিছতো সোমবাৰে আবেলিলৈ ১২টা কেবিনত কমেও ৪৮ জন লোক আৱদ্ধ হৈ আছিল৷ স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান চলি আছে। দুজন লোকৰ মৃত্যুৰ খবৰ স্থানীয় উপায়ুক্ত মঞ্জুনাথ ভজন্ত্ৰীয়ে নিশ্চিত কৰিছে। আহতসকলক চিকিৎসাৰ বাবে দেওঘৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এজন বিষয়াই কয় যে এনে লাগিছে যে ঘটনাটো কাৰিকৰী বিজুতিৰ ফলত সংঘটিত হৈছিল আৰু ট্ৰলিৰ সংঘৰ্ষ হৈছিল। ঘটনাত বহুলোক আহত হৈছে। বায়ু সেনাৰ হেলিকপ্টাৰে পুৱাৰে পৰা উদ্ধাৰ অভিযানৰ অব্যাহত ৰাখিছে। দুৰ্ঘটনাৰ পিছত ৰ’পৱে চলোৱা সংস্থাৰ মেনেজাৰ আৰু অন্যান্য কৰ্মচাৰীসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে।
দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাৰ পিছতে কেবল ট্ৰলিৰ পৰা জঁপিওৱাত এহাল দম্পতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেওঘৰৰ উপায়ুক্ত মঞ্জুনাথ ভজন্ত্ৰীয়ে কয় যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনীৰ চমুকৈ এনডিআৰএফৰ এটা দল মোতায়েন কৰা হৈছে। স্থানীয় লোকে উদ্ধাৰ অভিযানত এনডিআৰএফকো সহায় কৰি আছে। উপায়ুক্তগৰাকীয়ে জনসাধাৰণক উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ কয় যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে। কিছুমান লোক এতিয়াও কেবলত ট্ৰলিত আৱদ্ধ হৈ আছে আৰু উদ্ধাৰ কৰা হৈছে। সকলো পৰ্যটকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে।
দেওঘৰত ত্ৰিকুট ৰ’পৱে দুৰ্ঘটনাৰ প্ৰতি সাংসদ নিশিকান্ত দুবেৰ প্ৰতিক্ৰিয়াও আহিছে। ত্ৰিকুট ৰছীপথ দুৰ্ঘটনাত আহত পৰিয়ালৰ সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।এনডিআৰএফ দলৰ উপৰিও, দেওবাৰৰ পৰা আৱদ্ধ লোকসকলক স্থানান্তৰ কৰিবলৈ সেনা জোৱানসকলে দেওঘৰৰ ত্ৰিকুট ৰ’পৱেত উপস্থিত হৈছে। হেলিকপ্টাৰেৰে সহায় আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।