ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ ৰিজ ৰোড এলেকাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আব্দুল ইউচুফ নামৰ এজন লোকক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আব্দুল ইউচুফ উত্তৰ প্ৰদেশৰ বৰলামপুৰৰ বাসিন্দা৷ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে আব্দুল ইউচুফক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে৷
দিল্লীৰ আৰক্ষীৰ বিশেষ গোটৰ উপ-আয়ুক্ত প্ৰমোদ সিং কুচৱাহাই কয় যে ধলা কুৱা আৰু ৰিজ ৰোডৰ মাজত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়৷ ইয়াৰ পিছতে উত্তৰ প্ৰদেশ আৰু দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে৷ দুয়ো ৰাজ্যৰ বিভিন্ন স্থানত তদন্তকাৰী সংস্থাই অভিযান আৰম্ভ কৰিছে৷ দিল্লী আৰক্ষীৰ এটা দলে উত্তৰ প্ৰদেশৰ বৰলামপুৰত উপস্থিত হয়৷ কোটৱালি উটৰৌলাৰ বঢ়িয়া ভেচাহি গাঁৱত দিল্লীৰ আৰক্ষীৰ বিশেষ গোটে অভিযান চলাবলৈ উপস্থিত হয়৷ গাঁও খনত বৃহৎ সংখ্যাক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ গাঁও খন ঘেৰি ৰাখে৷ আব্দুল ইউচুফক আদালতত হাজিৰ কৰাৰ পিছতে ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়৷ আৰক্ষীৰ দলে ইউচুফক উত্তৰ প্ৰদেশলৈ লৈ গৈ তদন্ত কৰিব৷
উক্ত লোকজনক বিস্ফোৰকসহ গ্ৰেপ্তাৰ কৰা বুলি খবৰ প্ৰচাৰ হোৱাৰ পিছতে দিল্লীত উত্তেজনা বিয়পিছে৷ লোকজনক জালত পেলোৱাৰ পিছতে তদন্তকাৰী দলে ব্যাপক হাৰত বিভিন্ন এলেকাত অভিযান আৰম্ভ কৰিছে৷
দিল্লীৰো বিভিন্ন এলেকাত অভিযান আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই৷ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ এটা দলে দিল্লীৰ বুদ্ধ জয়ন্তী পাৰ্কত অত্যাধুনিক সজুলিসহ অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ অভিযানকাৰী গোটে এটা অত্যাধুনিক মেচিন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ এই মেচিন এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই মেচিন সন্দৰ্ভত সংবাদ প্ৰকাশ কৰিছে৷
সন্ত্ৰাসবাদীৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুটা প্ৰেচাৰ কুকাৰ, ২ আইডি, ১৫ কিলো বিস্ফোৰক উদ্ধাৰ কৰিছে৷ আশংকা কৰা মতে, সন্ত্ৰাসবাদীৰ দলে বৃহৎ কাণ্ড সংঘটিত কৰিবলৈ যোজা চলাই আছিল৷