ডিজিটেল ডেস্কঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে দীপলিনা ডেকা৷ ইতিমধ্যে বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠ দিছে দীপলিনাই৷ কণ্ঠৰ যাদুৰে শ্ৰোতা-দৰ্শকক মুগ্ধ কৰিছে গায়িকাগৰাকীয়ে৷ এইবাৰ আন এটা শ্ৰাৱ্য-দৃশ্য গীত অনুৰাগীলৈ উপহাৰ দিছে দীপলিনাই৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা জনাইছে গায়িকাগৰাকীয়ে৷ আজি সন্ধিয়ালৈ মুক্তি পাব দীপলিনাৰ নতুন গীত ‘Ziddi Kaancha’৷ পাপলু চেতিয়াই লিখা গীতটিত কণ্ঠ দিছে দীপলিনাই ৷ মিউজিক কৰিছে পল্লৱ তালুকদাৰে৷ লগতে দীপলিনা আৰু চাংকু নিৰঞ্জন নাথে অভিনয় কৰা গীতটিত কৰিঅ’গ্ৰাফ কৰিছে বিদ্যুৎ ৰবীনে৷