নাহৰকটীয়াঃ পুবৰ অমাজান হিচাপে খ্যাত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ তাণ্ডৱ অব্যাহত আছে৷ আজিও প্ৰতিদিনে দিহিং পাটাকাইত বন দস্যুৱে গছ কাটি তহিলং কৰি গৈছে৷ প্ৰতিদিনে বনাঞ্চলখনত এফালৰ পৰা গছ কাটি তহিলং কৰি ক্ষতি কৰিছে৷ জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধ দিহিং পাটকাই বনাঞ্চলক ২০০৪ চনত বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।
সম্প্ৰতি দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত চলিছে বন দস্যুৰ অবাধ বিচৰণ কৰি বন ধ্বংসৰ যজ্ঞ পাতিছে দুৰ্বৃত্তই৷ বনাঞ্চলখনৰ ভিতৰভাগত প্ৰতিদিনে তিতাচপা, মেকাই, চাম, নাহৰ, হলখ আদি মূল্যবান গছ নোহোৱা হৈছে। বনবিভাগৰ দুৰ্বল ভূমিকাৰ বাবেই পূৰ্বতকৈ ব্যাপক হাৰত মূল্যবান গছ কাটি তহিলং কৰা হৈছে।
যোৱা ১৩ আগষ্টত ডিব্ৰুগড় জিলা উপায়ুক্তই জয়পুৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আহ্বান কৰিছিল এক সভা। সভাত জয়পুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা যান্ত্ৰিক কৰতসমূহ জব্দ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। প্ৰায় এমাহৰ সময়সীমা উকলি যোৱাৰ পিছতো বিভাগে এখন কৰত জব্দ কৰিবলৈ সক্ষম নহল। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে অবৈধ কাঠমিল বন্ধ কৰা তথা বন ধ্বংস প্ৰতিৰোধৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে।