March 26, 2023, 7:28 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰি অসমৰ পৰা দিল্লীলৈ নিলে চাৰ্জিল ইমামক

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 146 Time View

গুৱাহাটীঃ এইবাৰ দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰি অসমৰ পৰা দিল্লীলৈ নিলে অসম বিদ্বেষী মন্তব্য প্ৰকাশ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰ্জিল ইমামক৷ মঙলবাৰে চাৰ্জিল ইমামক দিল্লী আৰক্ষীৰ বিশেষ শাখাই অসমৰ পৰা দিল্লীলৈ নিয়া বুলি জানিব পৰা গৈছে৷ কাৰাগাৰত আৱদ্ধ চাৰ্জিলক অসমলৈ অনা হৈছিল তদন্তৰ খাতিৰত৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ সপক্ষে মন্তব্য প্ৰকাশ কৰা চাৰ্জিল ইমামক ২০ ফেবুৰাৱীত অসম আৰক্ষীয়ে অসমলৈ আনিছিল৷

ফেব্ৰুৱাৰিত মাহত দিল্লীত সাব্যস্ত কৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত অংশ লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চাৰ্জিল ইমামৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ কথা কোৱাৰ লগতে দিল্লীত সংঘটিত সংঘৰ্ষত জড়িত থকাৰ অভিযোগ উঠি আহিছিল৷ এইবাৰ ইউএপিএৰ অধীনত মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই অসমৰ কাৰাগাৰত গ্ৰেপ্তাৰ কৰে ইমামক। দিল্লী আৰক্ষীয়ে এক অভিযোগনামাত চাৰ্জিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ কাণ্ডত জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছিল।

জামিয়া-মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনথলীত উপস্থিত থাকি ইমামে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ মন্তব্য প্ৰকাশ কৰাত ২৮ জানুৱাৰীত ইমামক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে৷ গুৱাহাটীৰ কাৰাগাৰত ২২ জুলাইত ক’ৰোনা পজিটিভ ধৰা পৰিছিল চাৰ্জিল ইমাম৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে