ডিজিটেল ডেস্কঃ কৃষি বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত প্ৰতিবাদৰ নামত একাংশ লোকে ট্ৰেক্টৰ জ্বলোৱাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে একাংশ লোকে ট্ৰাকৰ ভিতৰত এখন ট্ৰেক্টৰ ভৰাই আনি দিল্লীৰ ৰাজপথত নমাই ট্ৰেক্টৰ খন জ্বলাই দিয়ে৷ দিল্লীৰ হাই চিকিউৰিটি জ’নত এই ঘটনা সংঘটিত হৈছে৷ ইণ্ডিয়া গেটৰ সন্মুখতে একাংশ পঞ্জাৱৰ বাসিন্দাই ট্ৰেক্টৰখন জ্বলাই দিয়ে৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে আটাইকেইগৰাকী লোকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ মণজিৎ সিং, ৰমনদ্বীপ সিং, ৰাহুল, চাহিব, চুমিত সহ ৫ গৰাকী লোকক আটক কৰা হৈছে৷ কেইবাটাও ফেচবুক পেজত লাইভ প্ৰচাৰ কৰাৰ লগতে কেইবাগৰাকী লোকে প্ৰচাৰ কৰিছেিল এই ভিডিঅ’৷