দিল্লীত ভয়াবহ অগ্নিকাণ্ডত ২৬ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ মুণ্ডকাৰ এটা বাণিজ্যিক ভৱনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ২৬গৰাকী লোক নিহত হৈছে। শুকুৰবাৰে সন্ধিয়া পশ্চিম দিল্লীৰ মেট্ৰ’ ষ্টেচনৰ ৰিব অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নিৰ্বাপক বিভাগে ঘটনাস্থলীলৈ প্ৰায় দুই ডজন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰি অগ্নি নিৰ্বাপণ কৰাৰ প্ৰয়াস কৰিছে৷ উদ্ধাৰ অভিযানৰ সময়ত হাইড্ৰ’লিক ক্ৰেইনৰ ভিতৰত আৱদ্ধ লোকসকলক উলিয়াই নিয়াৰ সময়ত এগৰাকী মহিলা নিহত হোৱাৰ খবৰ পোৱা গৈছে। আবেলি প্ৰায় ৪.৪০ বজাত এই বিষয়ে খবৰ পোৱাৰ পিছত ২৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে। মেট্ৰ’ ষ্টেচনৰ ৫৪৪ নম্বৰৰ স্তম্ভৰ ওচৰৰ অট্টালিকাত জুই লাগে নিৰ্বাপিত কৰাৰ চেষ্টা কৰি থকা হৈছে৷
আবেলি ৪.৪৫ বজাত আৰক্ষীয়ে এটা বাণিজ্যিক ভৱনত জুই লগাৰ তথ্য লাভ কৰে। ইয়াৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগৰ নখন বাহনৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে লোকসকলক বচাবলৈ ভৱনটোৰ কাঁচ ভাঙি আহতসকলক আঁতৰাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভৱনটোৰ প্ৰথম মহলাত জুই লাগে৷ য’ত চিচিটিভি কেমেৰা আৰু ৰাউটাৰ নিৰ্মাণৰ কোম্পানী আছিল। আৰক্ষীয়ে কোম্পানীৰ মালিকক জিম্মাত লৈছে। কিন্তু জুই নুমুৱাৰ পিছতে নিশা ধ্বংস হোৱা অট্টালিকাৰ পৰা ১৬টা মৃতদেহ উলিয়াই অনা হৈছিল৷ অৱশ্যে ভৱনটোৰ তৃতীয় মহলাত অনুসন্ধানৰ কাম এতিয়াও চলি আছে। অধিক মৃতদেহ উদ্ধাৰৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ ওচৰৰ এটা বাণিজ্যিক ভৱনত জুই লগাৰ পূৰ্বে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল৷ কিন্তু জুই নুমুৱাৰ পিছতে মৃতদেহসমূহ উদ্ধাৰ হয়৷ আৰক্ষীয়ে ভৱনটোৰ পৰা ৬০-৭০ জন লোকক উলিয়াই আনিবলৈ সক্ষম হয়। বৰ্তমানেও বহু লোক আৱদ্ধ হৈ আছে।