দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ৷ নিৰাপত্তাৰ বেহু ভাঙি একাংশ লোকে কেজৰিৱালৰ ঘৰত আক্ৰমণ কৰে৷ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই অভিযোগ উত্থাপন কৰি কয় যে বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰিছে৷ বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ আনে মণীষ ছিছোদিয়াই৷ চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে সকলো দৃশ্য৷ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ টুইট মতে, অসামাজিক লোকে আক্ৰমণ কৰিছে৷ কেজৰিৱালৰ ঘৰত আক্ৰমণ কৰে আৰু নিৰাপত্তাৰক্ষীৰ বাধা ভাঙি গেটত থকা গেটবোৰ ভাঙি পেলোৱা হৈছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই অভিযোগ কৰিছে যে পঞ্জাৱত আপৰ বিপুল বিজয়ৰ পিছত বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যা কৰিব বিচাৰে। আজি আৰক্ষীৰ উপস্থিতিত বিজেপিৰ গুণ্ডাসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হয়। তেওঁলোকে নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক পৰাজিত কৰিবলৈ সক্ষম নহয়৷ তেওঁক হত্যা কৰিব বিচাৰে। তেওঁলোকে ইচ্ছাকৃতভাৱে আৰক্ষীক লৈ গৈছিল, বাধাটো ভাঙিছিল। এই ক্ষেত্ৰত তেওঁলোকে বিপদজনক খেল খেলি আছে। ৰাজনীতি হৈছে এক অজুহাত, ই এক পোনপটীয়া অপৰাধমূলক বিষয়। গুণ্ডাসকলে এনেদৰে কোনো মুখ্যমন্ত্ৰীৰ ঘৰত উপস্থিত হ’ব পাৰিবনে?
কাশ্মীৰি পণ্ডিতৰ পলায়নক লৈ নিৰ্মিত ছবিখনৰ প্ৰচাৰ বিজেপিয়ে কৰা বুলি উল্লেখ কৰি ছবিখনৰ কৰ মুক্ত কৰাৰ বিপৰীতে ইউটিউবত আপলোড কৰি দিলে সকলোৱে ফ্ৰিতে চাব পাৰিব বুলি কোৱাৰ পিছতে বিজেপিৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল অৰবিন্দ কেজৰিৱাল৷ বিজেপিৰ বিভিন্ন নেতাই অৰবিন্দ কেজৰিৱালক সমালোচনা কৰাৰ সময়তে আজি আক্ৰমণৰ ঘটনা সংঘটিত হয়৷