ডিজিটেল ডেস্কঃ আজি দিনৰ ২ বজাক শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ৷ ৰাষ্ট্ৰীয় মৰ্যদাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীস্থিত লোধী ৰ’ড শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব দেশৰ বিশিষ্ট লোকগৰাকীৰ৷ সোমবাৰে আবেলি ৮৪ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা ভাৰতৰত্ন মুখাৰ্জীৰ মৃতদেহ দিল্লীস্থিত চৰকাৰী আৱাসত ৰখাৰ ব্যৱস্থা কৰিছে৷ চৰকাৰী আৱসাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব৷ পুৱা ১১ বজাৰ পৰা এঘণ্টা সময় শেষ শ্ৰদ্ধাঞ্জলি যাচিব পাৰিব বিভিন্ন লোকে৷ আনহাতে পুৱা ৯.১৫ বজাৰ পৰা ১০ বজালৈ চৰকাৰৰ বিশেষ লোকসকলে শেষ শ্ৰদ্ধাঞ্জলি যাচে প্ৰণৱ মুখাৰ্জীক৷ ইতিমধ্যে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা।