ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা জনজাতি খেলুৱা গ্ৰাম্য মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ দিচাংমুখৰ প্ৰয়াত ছাত্ৰ নেতা অনিল পাংগিং সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰাম্য মণ্ডলৰ সভাপিত বাবুল ডাৰিগে সভাপতিত্ব কৰে৷ সভাৰ আঁতধৰে সম্পাদক জিতেন্দ্ৰ য়েইনে৷ সভাত বিজেপিৰ নেত্ৰী সুৰভি ৰাজকুঁৱৰী, বিজেপিৰ জিলা সম্পাদক প্ৰণৱ চেতিয়া, আইটিডিপিৰ চেয়াৰমেন ৰেৱকান্ত মিলি, খেলুৱা মণ্ডলৰ সভাপতি ৰুবুল বড়া, শিৱসাগৰ জিলা অন্যান্য পিছপৰা শ্ৰেণীৰ অধ্যক্ষ হেমন্ত গগৈ, জনজাতি মৰ্চাৰ জিলা সভাপতি সুবিৰ মেচ, সাধাৰণ সম্পাদক প্ৰদীপ ৰঞ্জন মিলি, প্ৰভাৰী প্ৰদীপ কুমাৰ দেউৰী, জয়মতী মণ্ডলৰ জনজাতি মৰ্চাৰ সভাপতি জিনয়ং কন্যাক, দিচাংমুখ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী মুকুতি টায়ে, ৱাৰ্ড সদস্যা চিত্ৰলেখা মিলি উপস্থিত থাকে৷