নাজিৰাঃ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰাৰ এটা বৃহৎ এলেকা তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰিছে৷ নাজিৰাৰ দিখৌ নৈৰ গৰাখহনীয়াৰ কৱলত পৰি ককবকাব লগা হৈছে নাজিৰা নগৰৰ ১নং ৱাৰ্ডস্থিত কৈৱৰ্ত গাঁও৷ ইতিমধ্যে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, ভেটি-মাটি উচন হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত নৈৰ পানী বাঢ়ি অহাত বহুকেইটা পৰিয়ালৰ ঘৰ-বৰ নৈত জাহ যায়। গৃহহাৰা পৰিয়ালসমূহে বিভিন্ন স্থানত অস্থায়ী ভাৱে স্থানান্তৰিত হৈছে যদিও আতংকৰ মাজত দিন অতিবাহিত কৰিব লগাত পৰিছে।
আনহাতে ওপৰ নাজিৰা অঞ্চলৰ বহু পৰিয়ালৰ সঘৰ-দুৱাৰ দিখৌ নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। নৈৰ পানী বাঢ়ি অহাৰ ফলত বৃহস্পতিবাৰে গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰে৷ নিশা ১০:৩০ বজাত সাংবাদিক উপস্থিত হোৱাৰ পিছতহে প্ৰশাসনক এই বিষয়ত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷ চৰকাৰ তথা স্থানীয় বিধায়ক আৰু প্ৰশাসনে গৰাখহনীয়া ৰোধ তথা গৃহহাৰা লোকসকলক খাদ্য-সামগ্ৰী বিতৰণ কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে ক্ষোভ উজাৰে।
স্থানীয় ৰাইজৰ লগতে অনুসূচীত জাতি যুৱ–ছাত্ৰ পৰিষদে গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰু প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷ অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ নেতা সুনিল দাস, পিংকুমণি দাসে চৰকাৰক সমালোচনা কৰি গৃহহাৰাসকলক ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়৷ উক্ত অঞ্চলটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেইবাগৰাকী অতি আপোন মানুহ থকাৰ কথা উল্লেখ কৰি সংগঠনটোৱে কয় যে আপোন মানুহ থকা ঠাই ডোখৰ নৈত জাহ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে উক্ত অঞ্চলটোক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ গুৰুত্ব প্ৰদান নকৰিলে৷
সম্পূৰ্ণ নাজিৰা টাউন বুৰ যোৱাৰ পিছত মথাউৰি নিৰ্মাণৰ কৰি ধন ঘটিবলৈ বহু নেতা ওলাব বুলি অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ নেতা পিংকুমণি দাসে
ক্ষোভ উজাৰে৷ ইপিনে গৰাখহনীয়া ৰোধৰ নামত বালি ভৰ্তি বস্তা আৰু নৈৰ মাটিৰে কাম কৰি আৱণ্টিত ধন লুটি-পুটি খোৱাৰ অভিযোগ উত্থাপন হৈছে। গৰাখহনীয়া ৰোধ আৰু অঞ্চলটোৰ জনগণৰ গৃহ, মাটি, ভেটি, জীৱন ৰক্ষণা-বেক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷