March 25, 2023, 4:00 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দায়িত্বজ্ঞানহীন বেংক কৰ্মচাৰীৰ বাবে বিশ্বনাথত সংক্ৰমণ বৃদ্ধি, পুনৰ ধৰা পৰিল ১৪ পজিটিভ

Reporter Name
  • Update Time : Tuesday, June 30, 2020
  • 85 Time View

জোনমণি বেগম, বিশ্বনাথঃ বিশ্বনাথ জিলাত ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে কোৱিড-১৯ত৷ গুৱাহাটীৰ পৰা বিশ্বনাথ ঘৰলৈ গৈ সংক্ৰমণ বৃদ্ধি কৰা বিজয় শংকৰ দাসৰ নামৰ বেংক কৰ্মচাৰীগৰাকীৰ চুলিকটা নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ কেইবাগৰাকী লোক ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ নাপিত সঞ্জীৱৰ পৰিয়ালৰ লগতে তেওঁৰ সংস্পৰ্শত অহা এগৰাকী ৮০ বছৰীয়া বৃদ্ধা, শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে৷

যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪ জন আক্ৰান্ত হোৱাৰ পিছতে সোমবাৰৰ নিশাৰ পৰাই বিশ্বনাথ চাৰিআলি প্ৰশাসন তৎপৰ হৈ পৰিছে৷ সোমবাৰে নিশা বিশ্বনাথৰ বালিপুখুৰীৰ ৬ জন সেনা জোৱান, এখন ব্যক্তিগত নাৰ্চিং হোমৰ এগৰাকী নাৰ্চ আৰু এজন মোবাইল দোকানী ধৰা পৰিছে৷

আনহাতে নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহাত ক’ৰোনাত আক্ৰান্ত হয় মিকি শৰ্মা (১৪), সুলেখা শৰ্মা(৪০), আয়ুস শৰ্মা(১৮), কুন্দন ঠাকুৰ (৬) প্ৰিয়ংকা শৰ্মা(২৫), সাধন দেবী (২৭), হৰি প্ৰসাদ ঠাকুৰ (৮৫), পাৰ্ৱতী দেবী (৮০), দিপ্তী শৰ্মা (১০), বীৰেন্দ্ৰ প্ৰসাদ শৰ্মা(৫৬), দোকানী সঞ্জয় প্ৰসাদ, (৩৬) দেবেন্দ্ৰ কুমাৰ (৩৫), মোবাইল দোকানী ৰোহিত জৈন (৩৭), আৰু জুলেখা বাৰ্লা (২৬)। আটাইকেইজন ক’ৰোনা পজিটিভ ৰোগীক স্বাস্থ্য বিভাগে ১০৮ এম্বুলেন্সেৰে বিশ্বনাথৰ বালিচাং চিকিৎসালয়ত ভৰ্তি কৰে৷

দায়িত্বজ্ঞানহীন ভাৱে এগৰাকী বেংক কৰ্মচাৰীয়ে গুৱাহাটীৰ পৰা বিশ্বনাথৰ ঘৰলৈ গৈ ইফাল-সিফাল ঘূৰি পুনৰ গুৱাহাটীলৈ ঘূৰি অহাৰ পিছতে হাহাকাৰ লাগিছে বিশ্বনাথত৷ গুৱাহাটীলৈ অহাৰ পিছতে বেংক কৰ্মচাৰীগৰাকী ক’ৰোনা পজিটিভ পোৱাৰ লগতে বিশ্বনাথত কৰ্মচাৰীগৰাকীৰ সংস্পৰ্শত অহা কেইবাগৰাকী লোক ইতিমধ্যে পজিটিভ পোৱাৰ লগতে পুনৰ এইসকল লোকক পজিটিভ পোৱা গৈছে৷

বেংক বিষয়া বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা চাৰিজনকৈ লোক যোৱা ২৬ জুনত পজিটিভ ধৰা পৰিছিল৷ বিজয় শংকৰ দাস বিশ্বনাথস্থিত ঘৰৰ ৩জন লোকৰ লগতে দাসৰ গাড়ী চাৰ্ভিচিং কৰা এজন মেকানিকৰ দেহত পজিটিভ পোৱা গৈছিল৷ এই খবৰে বিশ্বনাথৰ জৱসাধৰণক চিন্তিত কৰিছে৷ প্ৰশাসনে দাসৰ সংস্পৰ্শত অহা লোকক চিনাক্ত কৰি কোৱাৰাণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে যদিও সংক্ৰমণ বৃদ্ধি পায়৷

গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ ঘৰলৈ গৈছিল বেংক কৰ্মচাৰীগৰাকী৷ গুৱাহাটীলৈ অহাৰ পিছতে ক’ৰোনাৰ নমুনা পৰীক্ষাত পজিটিভ পোৱাৰ পিছতে হাঁহাকাৰ লাগে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ।

বেংক কৰ্মচাৰীগৰাকীয়ে চেলুনত চুলি কটাৰ লগতে, মিঠাইৰ দোকান, কাপুৰৰ দোকান, পূজাত অংশ লোৱাৰ লগতে ই-ৰিক্সাত ভ্ৰমণ কৰিছিল৷

বিজয় শংকৰ দাসে বিশ্বনাথ চাৰিআলিৰ আমবাৰীস্থিত চেলুনত চুলি কটাৰ লগতে ই ৰিক্সাত ঘৰলৈ আহিছিল। ছানৰাইজ নামৰ ক্লাৱে আয়োজন কৰা কালি পূজাত অংশ লৈছিল৷ কিতাপৰ দোকান ‘বিচিত্ৰা’, আন কেইবাখনো কাপোৰৰ দোকান, মিষ্টিমুখ নামৰ এখন মিঠাই দোকানলৈও গৈছিল দাস৷ গুৱাহাটীলৈ অহাৰ পিছত বেমাৰত আক্ৰান্ত দাসৰ নমুনা পৰীক্ষা কৰাত পজিটিভ পোৱা গৈছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে