July 2, 2022, 1:27 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দেৱৰাজ ৰয় কলেজত “অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক মনোজ্ঞ বক্তৃতা অনুষ্ঠান কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

দাবী কৰা ধন নিদিয়াত কোকৰাঝাৰত গুলীচালনা, ঘটনাত জড়িত কেএলঅ’, মডেলসহ ৬জনক আটক

Reporter Name
  • Update Time : Sunday, June 5, 2022
  • 40 Time View

কোকৰাঝাৰঃ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টিকাৰী ছেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাই নতুন মোৰ লৈছে। ছেৰফাংগুৰী ঘটনাত নিষিদ্ধ ঘোষিত সংগঠন কেএলঅ’ৰ নাম সাঙোৰ খাই পৰিছে। ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ ঘটনাৰ সবিশেষ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু কোকৰাঝাৰ আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে কেএলঅ’ক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰাৰ অভিযোগত এগৰাকী মডেলকে ধৰি ছজনক আটক কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ পৰা উত্তম ৰায় আৰু মৃদুল ৰায়ক আটক কৰাৰ পিছত আজি পুৱা আৰক্ষীয়ে পুনৰাই নাৰাবাৰীৰ গৌৰ চন্দ্ৰ ৰায় (৩৮) চৰাইখোলাৰ নিৰ্মল দাস (৩২), কোকৰাঝাৰ সদৰ চহৰৰ জনাজাত মডেল নৱনীতা বৰ্মন বোথ্ৰা আৰু স্বামী বিকাশ বোথ্ৰাক আটক কৰিছে।

উল্লেখ্য যে, গৌৰ চন্দ্ৰৰ ককায়েক নীতু ৰায় এগৰাকী কেএলঅ’ৰ সদস্য আৰু ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ নীতু ৰায় জড়িত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। আনহাতে গৌৰ চন্দ্ৰ ৰায়ে ঘটনাৰ দিনাখন পৰিৱেশ, পৰিস্থিতি আৰু স্থান সন্দৰ্ভত নীতু ৰায়ক অৱগত কৰি আছিল। আনহাতে সমগ্ৰ ঘটনাটো কেএলঅ’ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ নিৰ্দেশনাত সংঘটিত হৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।

ম্যানমাৰৰ পৰাই কেএলঅ’ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ সতে সঘনে যোগাযোগ ৰাখিছিল চৰাইখোলা নিৱাসী তথা প্ৰাক্তন কেএলঅ’ নিৰ্মল দাসে। আৰক্ষীয়ে এনে নিশ্চিত তথ্য লাভ কৰাৰ পিছতে প্ৰাক্তন কেএলঅ’ তথা লিংকমেন নিৰ্মল দাসক আটক কৰিছে। ইপিনে কেএলঅ’ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলে ভনীয়েক নৱনীতা বৰ্মন বোথ্ৰা আৰু ভনীজোঁৱাই তথা কোকৰাঝাৰৰ বিশিষ্ট ব্যৱসায়ী বিকাশ বোথ্ৰাক সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে দম্পত্তিহালকো সোধ-পোছৰ বাবে আটক কৰিছে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ইতিমধ্যে মডেলসহিতে ছজনক আটক কৰাত কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুধৰ্ষ সদস্য পাভেলৰ প্ৰকৃত ঘৰ চৌতাৰাত যদিও শেহতীয়াভাৱে কোকৰাঝাৰ সদৰ চহৰত বসৱাস কৰি আছে। আৰক্ষীয়ে তথ্য পোৱা মতে কেএলঅ’ই নতুন সদস্যভৰ্তি তীব্ৰগতিত আৰম্ভ কৰিছে আৰু ইয়াৰে নিৰ্মল দাসে নতুনকৈ ভৰ্তি হোৱাবোৰক সীমান্তলৈকে আগবঢ়াই নিয়ে । আৰক্ষীয়ে ছজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং২৩/২০২২)ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/১২১এ/১২২/৩২৩/৩০৭/৩৮৪/৩৮৭ আৰু আৰডব্লিউ ২৭/(১এ)/ ২৭(১বি)ৰ লগতে ইউএপিএক্টৰ অধীনত গোচৰ ৰজু কৰিছে । আৰক্ষীয়ে অতি শীঘ্ৰে সমস্ত অপৰাধী চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে