উজনিৰ লিগিৰীপুখুৰী চাহ বাগিচা এগৰাকী কিশোৰী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লিগিৰীপুখুৰী চাহ বাগিচাৰ ১নং লাইনৰ বাসিন্দা অনিল কাদৰৰ কন্যা তথা লিগিৰীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ক দশম শ্ৰেণীৰ ছাত্ৰী প্ৰতিমা কাদৰ নিৰুদ্দেশ হৈ আছে। বিগত ৯ মে’ক পুৱা প্ৰায় ন বজাত স্কুলৰ পোছাকত নিজ গৃহৰ পৰা বিদ্যালয়লৈ ওলাই গৈ নিৰুদ্দেশ হৈ আছে। ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত উপস্থিত হোৱা নাছিল বুলি জানিব পৰা গৈছে। অপহৰণৰ সন্দেহ কৰি পিতৃয়ে নাজিৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। একমাত্ৰ ১৭ বছৰীয়া কন্যাক জীৱনৰ একমাত্ৰ সাৰথি বুলি ভবা পিতৃ অনিল কাদৰ আৰু মাতৃ সবিতা কাদৰে ৬ দিন ধৰি চকুলো টুকি সময় পাৰ কৰিছে। কোনো সদাশয় লোকে কন্যাৰ সন্ধান লাভ কৰিলে স্থানীয় আৰক্ষী থানা নতুবা পৰিয়ালৰ ৭০৮৬১-৩৯২৪৫ অথবা ৯১০১৯-৫৪৭১৭ মোবাইল নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ জনাইছে।