দেশৰ সকলোতকৈ পূৰণি দল তথা দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক পুনৰ ৰাইজৰ মাজলৈ নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ দলটোৱে ৰাজস্থানত অনুষ্ঠিত কৰিছে বিশেষ চিন্তন বৈঠক৷ দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি ৰাজস্থানৰ উদয়পুৰত উপস্থিত হৈছে৷ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধী, প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত তিনিদিনীয়া নৱসংকল্প চিন্তন শিবিৰ উদ্বোধন কৰি ছোনিয়া গান্ধীয়ে কেন্দ্ৰৰ শাসকীয় বিজেপি দলক আক্ৰমণ কৰে৷ ছোনিয়া গান্ধীয়ে কয় যে বিজেপিয়ে দেশবাসীক ভয়ৰ পৰিৱেশত জীয়াই থাকিবলৈ বাধ্য কৰিছে। নৱ সংকল্প চিন্তান শিবিৰে আমাক বিজেপি, আৰএছএছ আৰু মিত্ৰশক্তিৰ নীতিৰ ফলস্বৰূপে দেশখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিছে।
কংগ্ৰেছ সভাপতিগৰাকীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীডী আৰু সহযোগীসকলে ‘সৰ্বাধিক শাসন আৰু নূন্যতম চৰকাৰ’ বুলি কি বুজায় সেয়া এতিয়া বেদনাদায়কভাৱে স্পষ্ট হৈছে৷ ইয়াৰ অৰ্থ হৈছে সংখ্যালঘুসকলৰ ওপৰত ‘নিৰ্মম’ অত্যাচাৰ কৰা।
প্ৰথমে ইংৰাজীত আৰু পিছত হিন্দীত দিয়া ভাষণ দি ছোনিয়া গান্ধীয়ে দলৰ নেতা আৰু কৰ্মীসকলক কয় যে দল আৰু ব্যক্তিগত পৰ্যায়ত আমাৰ সকলোৰে প্ৰতিফলন আৰু আত্মনিৰীক্ষণৰ সময় আহি পৰিছে। সংগঠনৰ পৰিৱৰ্তন হৈছে সময়ৰ প্ৰয়োজন, আমি কাম কৰাৰ ধৰণো সলনি কৰিব লাগিব। ছোনিয়া গান্ধীয়ে জনসাধাৰণক দলটোৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাই।
আমি কেৱল বৃহৎ আৰু সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে পৰিৱৰ্তন আনিব পাৰো৷ আমি আমাৰ ব্যক্তিগত আকাংক্ষাক সংগঠনটোৰ প্ৰয়োজনীয়তাৰ অধীনত ৰাখিব লাগিব বুলিও ছোনিয়া গান্ধীয়ে৷ দলটোৱে যথেষ্ট পৰিমাণে দিছে আৰু এতিয়া ঋণ পৰিশোধ কৰাৰ সময় আহি পৰিছে। আকৌ এবাৰ সাহসৰ পৰিচয় দিয়া প্ৰয়োজন। প্ৰতিটো সংগঠনে জীয়াই থাকিবলৈ পৰিৱৰ্তন আনিব লাগিব। আমাক সংস্কাৰৰ আৱশ্যক। এইটো আটাইতকৈ মৌলিক সমস্যা।
ছোনিয়া গান্ধীয়ে নেতাক শিবিৰত মুকলিকৈ মতামত প্ৰকাশ কৰিবলৈ অনুৰোধ জনাই দল আৰু দলত ঐক্যৰ বাৰ্তা লৈ উভতি যোৱা উচিত বুলি কয়৷