মঙলদৈঃ দৰং জিলা কংগ্ৰেছৰ উপসভাপতি দুলাল হীৰাই শনিবাৰে মঙলদৈ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি মহা বিস্ফোৰণ ঘটায়। জিলা কংগ্ৰেছৰ উপ-সভাপতি হীৰাই কয় যে, কংগ্ৰেছত চলি আছে এতিয়া দালালৰাজ। বিধানসভা নিৰ্বাচনত দুলাল হীৰাক বিধায়ক পদৰ বাবে বিচাৰিছিল ৭ কোটি টকা। এই টকা অসমৰ দায়িত্বৰ থকা জিতেন্দ্ৰ সিঙৰ হৈ অনিৰুদ্ধ সিঙে এই ধন বিচৰাৰ অভিযোগ উপ-সভাপতিগৰাকীৰ।দালালি নকৰিলে আজিৰ দিনত কংগ্ৰেছ লিডাৰ হ’ব নোৱাৰে। লগতে অকল সাত কোটি নহয় বিধায়ক পদৰ বাবে আবেদন কৰিলে ধন দিব লাগে অসমৰ দালালকো।
দৰং কংগ্ৰেছৰ বৰ্তমান ইনচাৰ্জ হিচাপে থকা খলিলুৰ ৰহমানকো দালাল আখ্যা উপ-সভাপতি গৰাকীৰ। কংগ্ৰেছৰ পৰা অব্যাহতি নোলোৱাকৈ এই অভিযোগ আনে নেতাগৰাকীয়ে। দিল্লীৰ পৰা অহা নেতাসকলে অসমত একমাত্ৰ ধন ঘটাৰ বাবেই আহে বুলিও কয় উপ-সভাপতি দুলাল হীৰাই। কংগ্ৰেছ দলত থাকিয়েই তেওঁ ক’লে দৰং কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্ব নাই।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দিয়া আদেশকো কেৰেপ নকৰে দৰঙৰ এইগৰাকী উপ-সভাপতি দুলাল হীৰাই। দলীয় বিষয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা সভাপতি ভূপেন বৰাই বিৰত থাকিব কোৱাৰ পিছতো মুকলিকৈ প্ৰকাশ কৰিলে ক্ষোভ এইগৰাকী জিলা উপ-সভাপতিয়ে।