নামনি অসমৰ বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচাৰত ভয়াবহ পথ দুৰ্ঘটনাত এগৰাকী বিএছএফৰ জোৱান নিহত হোৱাৰ লগতে আন এগৰাকী জোৱান বৰ্তমানেও নিৰুদ্দেশ হৈ আছে৷ ইতিমধ্যে তিনি জোৱানক উদ্ধাৰ কৰা হৈছে৷ একন বিএছএফৰ বাহন পথৰ পৰা বাগৰি পৰে৷ দক্ষিণ শালমাৰা-মানকাচাৰত প্ৰকাণ্ড জলাশয়ত বাগৰি পৰিছিল বাহনখন। সম্পূৰ্ণ ৰূপে জলাশয়ত সোমাই পৰে গাড়ীখন৷ পথত দুৰ্ঘটনাত এজন বিএছএফ জোৱানৰ মৃত্যু হয় আৰু আন এজন সন্ধানহীন হৈ আছে৷ একেলগে যাত্ৰা কৰি থকা তিনি জোৱানক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান চলি আছে৷