March 22, 2023, 2:29 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দক্ষিণ জাজৰিত স্বাস্থ্য পৰীক্ষা-সজাগতা সভা

Reporter Name
  • Update Time : Wednesday, March 30, 2022
  • 117 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ শতবৰ্ষ গৰকা নগাঁও জিলাৰ অন্যতম পুৰণি স্বাস্থ্য কেন্দ্ৰ জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ অধীনত বুঢ়াগোঁহাই থান খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত বুধবাৰে দক্ষিণ জাজৰিত এটি স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা সম্পন্ন হয়। স্থানীয় সমাজকৰ্মী থগিত মহন্তৰ সভাপতিত্বত হোৱা সজাগতা সভাখন অনুষ্ঠিত হয় দক্ষিণ জাজৰি শ্ৰীমন্ত শংকৰ মন্দিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত। জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰী জয়ন্ত ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনত ‘ৰক্তহীনতা মুক্ত ভাৰত’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য ৰাখে ডা০ সেউজ সেনাপতি, ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত বক্তব্য ৰাখে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ধৰিত্রী ৰংপি, ক’ভিড ভেকচিনৰ ওপৰত আলোকপাত কৰে বুঢ়াগোহাই খণ্ড আঁচনি প্ৰৱন্ধক আবু খেৰে আৰু পৰিয়াল পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে বি চি এম বাবু মনি শইকীয়াই। সজাগতা সভাত বিশিষ্ট অতিথিৰ ভাষণ ৰাখে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দে‍ৱ বৰদলৈ আৰু চি এইছ অ’ নিকিতা হাজৰিকাই। সভাত পাঁচ গৰাকী সচেতন মাতৃক সম্বৰ্ধনা জনোৱা হয় ৷ ইফালে, সজাগতা সভাৰ লগতে এটি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কৰে ডাঃ হবিবুৰ ৰহমান, ডা০ সেউজ সেনাপতি, ডা০ ৰেকিব কেদুৱাই আৰু ডা০ গংগোত্রী পাঠকে। শিবিৰত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সকলে সহযোগ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে