নকৈ ৰাষ্ট্ৰপতিৰ দায়িত্ব লাভ কৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চিওক-ইউলক ফোন কৰি শুভেচ্ছা যাচিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ কোৰিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ুন চিওক-ইউলৰ সৈতে ফোনযোগে কথা পাতে৷ কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে অভিনন্দন জনাই ভাৰত-কোৰিয়াৰ বিশেষ কৌশলগত অংশীদাৰীত্ব অধিক গভীৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।