ডিজিটেল ডেস্কঃ দক্ষিণ আমেৰিকাৰ দেশ পেৰু চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে যোৱা মাহৰ পৰা অস্থিৰ হৈ পৰিছে। কিন্তু বিগত কেইদিনমানৰ পৰা প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত দেশৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জন লোকৰ মৃত্যু হৈছে। এমাহজোৰা প্ৰতিবাদৰ ফলত পেৰুত কালি সৰ্বাধিক নাগৰিকৰ মৃত্যু হয়। এই পৰ্যন্ত মুঠ ৩৯ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে দুজন কিশোৰ। আৰক্ষীৰ মতে, দেশৰ দক্ষিণ প্ৰান্তৰ পুনো অঞ্চলৰ টিটিকাকা হ্ৰদৰ পাৰৰ এখন চহৰ হুলিয়াকাৰৰ পৰিস্থিতি কালি অগ্নিময় হৈ পৰে। এই সংঘৰ্ষত ৬৮ জন প্ৰতিবাদকাৰী আহত হয়।
প্ৰতিবাদকাৰীৰ মূল দাবী প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক শীঘ্ৰে মুকলি কৰি দিব লাগে। তাৰ লগতে দেশত সাধাৰণ নিৰ্বাচন আৰু সংবিধান সংস্কাৰো বিচাৰে প্ৰতিবাদকাৰীসকলে। যোৱা মাহত পেড্ৰ’ৰ বিৰুদ্ধে অনৈতিকভাৱে কংগ্ৰেছক নিলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ ঠাইত এতিয়া দেশৰ ৰাষ্ট্ৰপতিৰ আসনত বহি আছে ডিনা বলুয়াৰটে। কালি ডিনাই স্পষ্ট কৰি দিয়ে যে প্ৰতিবাদকাৰীৰ সকলো দাবী চৰকাৰে মানি লোৱাটো সম্ভৱ নহয়। তেওঁৰ মতে, চৰকাৰে শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। পৰোক্ষভাৱে তেওঁ বুজাই দিলে যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এতিয়া মুকলি কৰি দিয়া নহ’ব।