অসম আৰক্ষীত কৰ্মৰত এগৰাকী সহ-উপ-পৰিদৰ্শকে আজি নিজ চাৰ্ভিছ পিষ্টলেৰে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰাকৰ শিলচৰত৷ কাছাৰ জিলাৰ সদৰ শিলচৰৰ সদৰ আৰক্ষী চকীত আত্মহত্যা কৰে সহ-উপ-পৰিদৰ্শক গৌৰ বিজয় সিনহা৷ আৰক্ষী থানাৰ ভিতৰতে কৰ্তব্যৰত অৱস্থাতে মূৰত গুলীয়াই আত্মহত্যা কৰে। জানিব পৰা মতে, আজি দিনৰ প্ৰায় ৩ বজাত আৰক্ষী সহ-উপ–পৰিদৰ্শক গৌৰ বিজয় সিনহাই নিজৰ চাৰ্ভিছ পিষ্টলেৰে কপালত গুলীচালনা কৰি আত্মহত্যা কৰে৷ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমন জ্যোতি কৌৰে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। মৃতদেহ আৰক্ষী থানাৰ পৰা নি মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। সহ-উপ-পৰিদৰ্শক গৌৰ বিজয় সিনহাৰ ঘৰ উধৰবন্দৰ মায়নাৰবন্দত। কেইবাবছৰ ধৰি শিলচৰ সদৰ আৰক্ষী থানাত কাম কৰি আছিল। পত্নীৰ সৈতে দুটা পুত্ৰ আৰু এজনী কন্যা আছে৷