এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ কৰি আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে কাণ্ড সংঘটিত হৈছে৷ আৰক্ষী থানা লণ্ড-ভণ্ড কৰি থানা চৌহদত থকা আৰক্ষী নিবেশত অগ্নিসংযোগ কৰে৷ বটদ্ৰৱাত একাংশ উত্তেজিত লোকে তাণ্ডৱ চলাই আৰক্ষী থানাত৷ এজন যুৱকৰ মৃত্যুৰ পিছতে আৰক্ষী সষ্টম হৈ থকাৰ সময়তে আৰক্ষী নিবেশত তাণ্ডৱ চলাই৷ আৰক্ষী জিম্মাত যুৱকজনৰ মৃত্যু হৈছিল৷ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছফিকুল ইছলাম নামৰ যুৱকজনৰ এক গোচৰত গ্ৰেপ্তাৰ কৰি আনিছিল আৰক্ষী থানালৈ৷ নিশা বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনি ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ছফিকুলৰ পৰিয়ালৰ পৰা ১০ হাজাৰ আৰু এটা হাঁহ বিচাৰিছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে দাবী কৰা ধন নিদিয়াত ছফিকুলক প্ৰহাৰ কৰাৰ অভিযোগ আনে৷ আৰক্ষীয়ে দীৰ্ঘ সময় প্ৰহাৰ কৰাত ছফিকুল ইছলামৰ মৃত্যু হয়৷ আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি তাণ্ডৱ উত্তেজিত লোকৰ৷ একত্ৰিত আক্ৰমণত কেইবাগৰাকী আৰক্ষীৰ লোক আহত হয়৷ আৰক্ষী থানাৰ সা-সামগ্ৰী ভাঙি পেলাই৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ইতিমধ্যে ৩গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ ভিডিঅ’ প্ৰত্যক্ষ কৰি আৰক্ষী থানাত আক্ৰমণ কৰা লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হ’ব৷
দিনৰ পোহৰতে একাংশ লোকে আৰক্ষী থানা জ্বলাই দিয়াৰ ঘটনাক সহজে লব নোৱাৰি৷ আৰক্ষীয়ে অসহায় হৈ চাই ৰয়৷ আৰক্ষী থানাৰ পৰা জোৱানক ধৰি আনি প্ৰহাৰ কৰা হৈছে৷ মুঠৰ ওপৰত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়৷ মহিলা-যুৱতী, কিশোৰ, জ্যেষ্ঠ লোকে আৰক্ষী থানাত একত্ৰিত ভাৱে আক্ৰমণ কৰে৷ মৃতলোকজনৰ পৰিয়াল আইনৰ আশ্ৰয় ল’ব পাৰিলেহেতেন৷ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিলেহেতেন৷ কিন্তু ৰাজহুৱা সম্পত্তি নষ্ট কৰাই নহয় অগ্নিসংযোগ কৰিছে৷ আৰক্ষীয়ে লাঠিচালনা নতুবা শূন্যলৈ গুলীচালনা নকৰিলে কিয়? তাকেই লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ছত্ৰভংগ দিয়াৰ ব্যৱস্থা কৰা নহ’ল৷ খোদ আৰক্ষী থানাতে যদি আৰক্ষী সুৰক্ষিত নহয় তেন্তে আনলোকৰ সুৰক্ষা কেনেকৈ হ’ব? ঘটনাত আৰক্ষী তথা অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত৷ এই ঘটনাক অসম চৰকাৰ তথা আৰক্ষীয়ে কেনেদৰে ল’ব সেয়া গুৰুত্বপূৰ্ণ হ’ব৷