March 29, 2023, 7:42 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

থলুৱা মুছলমানৰ ইতিহাস-ঐতিহ্য আন ভূমিপুত্ৰ জনগোষ্ঠীৰ দৰে একেই, সুকীয়া জৰীপেৰে মৰ্যদা প্ৰদানৰ দাবী

Reporter Name
  • Update Time : Wednesday, September 2, 2020
  • 158 Time View

গুৱাহাটীঃ অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশনৰ আজি তৃতীয় দিন৷ তৃতীয় দিনটোত দিছপুৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে৷ অসমত বসবাস কৰা খিলঞ্জীয়া মূলৰ ইছলামধৰ্মীয় গৰিয়া, মৰিয়া, দেশী আদি ভূমিপুত্ৰ জনগোষ্ঠীসমূহক জনগোষ্ঠীয় মৰ্যদা প্ৰদান আৰু সুকীয়া পৰিচয়েৰে চিনাক্ত কৰিবলৈ সুকীয়া জৰীপ অনুষ্ঠিত কৰি বিশেষ সাংবিধানিক-ৰাজনৈতিক-আৰ্থিক সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ নাৱাজ হুছেইন, কাৰ্যকৰী সভাপতি নুৰুল হক, সাধাৰণ সম্পাদক আকতাৰ হুছেইন, সহঃ সম্পাদক চহিদ আলী আহমেদকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি অসমৰ ভূমিপুত্ৰ ইছলামধৰ্মী জনগোষ্ঠীসমূহে ভূগি থকা আশংকা আৰু ভৱিষ্যতৰ অসমৰ সমাজখনক প্ৰব্ৰজন আৰু বিদেশী সমস্যাৰ কৰাল গ্ৰাসৰ পৰা সুৰক্ষিত কৰিবলৈ দাবী জনায়৷

ধৰ্মঘটস্থলিৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠনটোৱে কয় যে অসমৰ ঐতিহাসিক গৰিয়া, মৰিয়া, দেশী আদি খিলঞ্জীয়া জনগোষ্ঠীসমূহ ইছলাম ধৰ্মবিশ্বাসী হ’লেও অসমত এইসকলৰ ইতিহাস আৰু ঐতিহ্য ৰাজ্যৰ আন আন ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ দৰে একেই। বিগত বাৰশ শতিকাৰ পৰাই বিভিন্ন থলুৱা জনগোষ্ঠী যেনে মেচ, কোচ, ৰাভা-হাছং, নাথ-যোগী, মৰাণ, মটক, আহোম, ডিমাচা, কছাৰী আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ এই কেইটা জনগোষ্ঠীয়ে ইছলামধৰ্মীয় পৰিচয় লাভ কৰিছিল৷ এই কথা ইতিহাসে কয়।

সৌ সিদিনা প্ৰব্ৰজন কৰি অসমলৈ অহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে উল্লেখিত জনগোষ্ঠীসমূহৰ কেৱল ধৰ্মবিশ্বাসৰ বাহিৰে আন কোনো ক্ষেত্ৰত মিল নাই। অসম ঐতিহাসিক ভাৱে বসবাস কৰি অহা থলুৱা জনগোষ্ঠীসমূহৰ ভাষা, সংস্কৃতি তথা পৰম্পৰা অসমত বসবাস কৰা থলুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে একে৷ কিয়নো ইতিহাসে কয় অসমৰ থলুৱা ইছলামধৰ্মীসকল ধৰ্মান্তৰিত। এনে অৱস্থাত, কেৱল ধৰ্মীয় পৰিচয় একে হোৱাৰ কাৰণেই এইকেইটা জনগোষ্ঠীৰ লোকক প্ৰব্ৰজিত লোকসকলৰ সৈতে একাকাৰ কৰি ‘মুছলমান-সংখ্যালঘু’ হিচাপে গণ্য কৰা বিষয়টোক এই জনগোষ্ঠীকেইটাৰ জনসাধাৰণে অপমান বোধ কৰে। সেয়েহে এই জনগোষ্ঠীসমূহক জনগোষ্ঠীয় মৰ্যদা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷

ৰাজ্যত এনে বহু কেইটা জনগোষ্ঠী আছে যিসকলে তেওঁলোকৰ পূৰ্বৰ ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছতোঁ তেওঁলোকে চৰকাৰীভাৱে আৰু সামাজিক ভাৱে ভূমিপুত্ৰ জনগোষ্ঠী হিচাপে স্বীকৃতি লাভ কৰি আহিছে। কিন্তু একেই থলুৱা জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ ইছলামধৰ্ম গ্ৰহণ কৰা উল্লেখিত জনগোষ্ঠীকেইটাক ভূমিপুত্ৰ হিচাপে চৰকাৰীভাৱে গণ্য কৰা হোৱা নাই। বৰং ধৰ্মীয় পৰিচয়ৰ ভিত্তিত প্ৰব্ৰজিত লোকসকলৰ সৈতে একাকাৰ কৰি মুছলমান পৰিচয়েৰে গুৰুত্বহীন সংখ্যালঘূত পৰিণত কৰিছে। এনেকি আশ্বাৰ্যজনক ভাৱে খিলঞ্জীয়া হোৱা সত্বেও উক্ত জনগোষ্ঠীৰ একাংশ লোক ডি-ভোটাৰো হ’ব লগীয়া হৈছে। এনে প্ৰেক্ষাপটত ইতিপূৰ্বে সামাজিক আৰু ঐতিহাসিক ভাৱে পৰিচিত উল্লেখিত জনগোষ্ঠী কেইটাক গৰিয়া, মৰিয়া, দেশী আদি সুকীয়া জনগোষ্ঠীয় পৰিচয়েৰে চিনাক্ত কৰি বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদানৰ উপৰিও জনগোষ্ঠী কেইটাক জনগোষ্ঠী হিচাপে মৰ্যদা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাই মুখ্যমন্ত্ৰীক সংগঠনটোৱে।

২০১৯-২০ বৰ্ষৰ অসম বিধানসভাৰ বাজেটত ঘোষণা কৰা ‘উন্নয়ন কৰ্পৰেচন’ স্থাপন কৰাৰ লগতে ঘোষিত নিৰ্দিষ্ট পেকেজৰে আৰ্থ-সামাজিক উন্নয়ন, স্ব-নিয়োজন আঁচনি ৰূপায়ন কৰাৰ লগতে শীঘ্ৰে সুকীয়া জৰীপ কৰাৰ ব্যৱস্থা কৰা, সংসদীয় ৰাজনীতিত গৰিয়া, মৰিয়া, দেশী প্ৰতিনিধি শূন্য হোৱাৰ হেতুকে ৰাজনৈতিক অধিকাৰৰ প্ৰাপ্তিৰ হেতুকে লোকসভা/ৰাজ্যসভা/বিধানসভাৰ লগতে পঞ্চায়ত-নিকায়-নিগমত এই জনগোষ্ঠীসমূহৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ আনহাতে অবিভক্ত গোৱালপাৰা জিলাত স্থায়ী ভাৱে বসবাস কৰি থকা ভূমিপুত্ৰ গৰিয়া-মৰিয়া-দেশীসকলক আপোনালোকৰ চৰকাৰৰ প্ৰস্তাৱিত শেহতীয়াকৈ গঠনৰ দিশে আগবঢ়া ‘কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ’ত পৰিষদীয় আসন সংৰক্ষণ কৰাৰ লগতে ৰাজনৈতিক, শৈক্ষিক, ভূমি আৰু সাংস্কৃতিক অধিকাৰৰ লগতে সুকীয়া পৰিচয় অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত এই জনগোষ্ঠী কেইটাৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায়৷ বিটিএডিত বসবাস কৰা এই জনগোষ্ঠীকেইটাৰ নাগৰিকক জনগোষ্ঠীয় পৰিচয় দিয়াৰ লগতে উন্নয়ন পৰিষদ গঠন কৰি আৰ্থ-সামাজিক উন্নয়ন কৰাৰ লগতে গৰিয়া, মৰিয়া উন্নয়ন পৰিষদক পুঁজি আৱণ্টন দি কাৰ্যকৰী কৰাৰ লগতে শীঘ্ৰে দেশী উন্নয়ন পৰিষদ ঘোষণা কৰাৰ দাবী জনায়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে