থমাছ কাপ ফাইনেল ২০২২ত ভাৰতৰ বেডমিণ্টন দলে ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপ জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
প্ৰথমবাৰৰ বেডমিণ্টনত এই খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে। ভাৰতীয় পুৰুষ দলটোৱে আজি বেংককত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-০ ফলাফলত পৰাস্ত কৰে। বিশ্ব প্ৰতিযোগিতাত পদক বিজেতা লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত আৰু চিৰাগ চেট্টি তথা সাত্বিকসাইৰাজ ৰণকি ৰেড্ডীৰ যুটীৱে চমকপ্ৰদ প্ৰদৰ্শন কৰি ইতিহাস ৰচে৷ এককত প্ৰথমখন খেলত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ এন্থনী ছিনিছুকা গিণটিঙক ৮-২১, ২১-১৭, ২১-১৬ত পৰাস্ত কৰি ভাৰতক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে।
দ্বৈত খেলত চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকি ৰেড্ডীৰ যুটীয়ে মহম্মদ এহচান আৰু কেৱিন সঞ্জয় ছুকামুলজোৰ যুটীক ১৮-২১, ২৩-২১, ২১-১৯ত পৰাস্ত কৰে।
এককৰ দ্বিতীয়খন খেলত কিদাম্বি শ্ৰীকান্তে এছিয়ান গেমছত সোণৰ পদক বিজেতা জনাথন ক্ৰিষ্টিক ২১-১৫, ২৩-২১ত পৰাস্ত কৰি ভাৰতৰ জয় নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থমাচ কাপ বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ পিছতে ভিডিঅ’ কলিং যোগে বাৰ্তালাপ কৰি ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলটোৱে থমাচ কাপৰ খিতাপ অৰ্জন কৰি সমগ্ৰ দেশকে উৎসাহিত কৰিছে বুলি কয়। দলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে এই জয়ে দেশৰ উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিব বুলি
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে অভিনন্দন জ্ঞাপন কৰি এই সাফল্যৰ বাবে ভাৰতীয় বেডমিণ্টন দলটোক এক কোটিৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ ঘোষণা কৰে।