অসম সন্তান বিশিষ্ট আইনজীৱি ন্যায়াধীশ উজ্জ্বল ভূঞাক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নাম তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কৰিবলৈ পৰামৰ্শ দিছে। বৰ্তমান ভূঞা তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাক দিল্লী উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ হিচাপে স্থানান্তৰ কৰিবলৈ কলেজিয়ামৰ পৰামৰ্শ৷ ন্যায়াধীশ ভূঞাক ২০১১ চনৰ ১৭ মে’ত গৌহাটি উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ন্যায়াধীশ উজ্জ্বল ভূঞাই ন্যায়িক একাডেমী-অসম আৰু গুৱাহাটীক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছিল। তাৰ পিছতে বোম্বাই উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়৷ ২০২৯ চনৰ ৩ মাৰ্চত বোম্বাই উচ্চ ন্যায়ালৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল। মুম্বাইত দুবছৰ কাৰ্যকাল ৰখাৰ পিছতে স্থানান্তৰ কৰা হয় তেলেংগানা উচ্চ ন্যায়ালয় আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে৷ তেলেংগানা ৰাজ্যিক আইনী সেৱাৰ কাৰ্যবাহী অধ্যক্ষ পদতো আছে ভূঞা৷