তিনিচুকীয়াঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তৃতীয় স্থান দখলেৰে তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে মৌমিতা কোঁৱৰে।
সমগ্ৰ অসমৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত ৪৭৩ নম্বৰেৰে তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ডিগবৈ আৰ,ডি জুনিয়ৰ কলেজৰ ছাত্ৰী মৌমিতা কোঁৱৰে।
ছাত্ৰী গৰাকীৰ সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে তিনিচুকীয়া জিলাবাসী।