পংকজ নাথঃ কামৰূপ জিলাৰ তীৰ্থপীঠ উত্তৰ গুৱাহাটীত হনুমান জয়ন্তীৰ মহা আয়োজন চলিছে। ৰামভক্ত হনুমান আস্থা আৰু বিশ্বাসৰ প্ৰতীক । মানুহৰ অন্তৰাত্মাত হনুমানৰ লেখীয়া প্ৰেম ভালপোৱা জগাই সনাতন সংস্কৃতিক উজ্জীবিত কৰাৰ প্ৰয়াস কৰিছে কেশব দাস মহাৰাজজীয়ে। আধ্যাত্মিক গুৰু কেশব মহাৰাজজীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ বৰলুইতৰ পাৰত ১৬ আৰু ১৭ এপ্ৰিলত দুদিনিয়াকৈ উদযাপিত হব হনুমান জয়ন্তী । একলাখৰো অধিক হনুমান চালিচা পাঠ কাৰ্যক্ৰমত দেশৰ সন্ত সাধুবাবা, ভক্তৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব হোম যজ্ঞত । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যজমান হিচাপে পঢ়িব হনুমান চালিচা । হনুমান জয়ন্তীৰ প্ৰাৰম্ভিক অংশ হিচাপে আজি কুমাৰী ভোজন অনুষ্ঠানত এশ আঠ গৰাকী কুমাৰীক ভোজন বন্দন কৰা হয় । প্ৰায় ৫০ হাজাৰৰো অধিক ভক্তক আদৰিবৰ বাবে সাজু হৈ লুইতৰ পাৰত এপষেক ধৰি সজোৱা হৈছে বৃহৎ পেণ্ডেল । অনুষ্ঠানৰ উদ্যোক্তা সকলে এই অনুষ্ঠানত ভক্তগণৰ উপস্থিতি কামনা কৰাৰ লগতে সকলোকে অনুস্থানলৈ আদৰণি জনাইছে।