ত্ৰিপুৰাৰ জনজাতীয় নেত্ৰী আৰু ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ (টিপিএফ) মুৰব্বী পাতাল কন্যা জামাতিয়াই দেওবাৰে আগৰতলাত এক কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আদৰণি জনাই পাতাল কন্যা জামাতিয়াই৷ গুৰুত্বপূৰ্ণ ৰাজনৈতিক উত্থান-পতন হোৱা বুলি চৰ্চা হৈছে৷ জামাতিয়াই শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ৰাজনীতিত সক্ৰিয় হৈ পৰে৷ বিজেপিত যোগদান কৰি বৃহত্তৰ তিপ্ৰালেণ্ডৰ দাবী কৰাৰ পৰিৱৰ্তে জনজাতি আৰু অ-জনজাতিসকলৰ মাজত বৃহত্তৰ একতাৰ বাবে আবেদন কৰে৷ কাৰ্যসূচীত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, বিজেপিৰ ৰাজ্যিক সভাপতি মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক উপস্থিত হয়৷