March 26, 2023, 1:16 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

তিনিমাহৰ মূৰকত নিজ সমষ্টিত সাহায্য বিতৰণ কৰিবলৈ গৈ খেদা খালে মন্ত্ৰী অতুল

Reporter Name
  • Update Time : Tuesday, June 16, 2020
  • 162 Time View

বোকাখাতঃ অসমীয়াত এষাৰ কথা আছে৷ চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপী৷ বৰষুণ গলে জাপিৰ অৰ্থ থাকে জানো৷ তেনেই হৈছে অগপৰ সভাপতি তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ ক্ষেত্ৰত৷ সম্পূৰ্ণ লক-ডাউন কাৰ্যকৰী হোৱাৰে পৰা যোৱা তিনিমাহে কচু, ঢেঁকীয়াৰে ভাত খাজ খাই জীয়াই থকা পৰিয়ালক এতিয়াহে সাহায্য বিতৰণ কৰিব যোৱাত ৰাইজে উক্ত আপ্ত বাক্যশাৰীকে মনত পেলাই দিয়ে অতুল বৰাক৷ যোৱা তিনিমাহে ক’ত আছিলা বুলি প্ৰশ্ন উত্থাপন কৰাত সাহায্য বিতৰণ কৰিব এৰি পলায়ন কৰিব লগা হয়৷ এই কাণ্ড সংঘটিত হৈছে খোদ মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত৷

‘বৰষুণ যোৱাৰ পিছত জাপি’ যোগানৰ দৰে জনসাধাৰণৰ মাজত তিনিমাহৰ অন্তত সাহায্য বিতৰণ কৰিবলৈ গৈ নিজৰ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল বোকাখাতৰ বিধায়ক কৃষিমন্ত্ৰী অতুল৷ ১৫ জুনৰ বিয়লি বোকাখাতৰ বালিজানৰ মুৰংঘৰত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰিবলৈ উপস্থিত হয় মন্ত্ৰী অতুল৷ উক্ত সময়তে মন্ত্ৰীগৰাকীক ৰাইজে ঘেৰি ধৰি তিনিমাহে ক’ত আছিলা বুলি প্ৰশ্নৰ পিছত প্ৰশ্ন কৰিবলৈ ধৰে৷ প্ৰশ্ন পুৰুষে কৰা নাছিল প্ৰশ্ন কৰিছিল নাৰী সমাজে৷ নাৰী সমাজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ততাতৈয়াকৈ গাড়ীত উঠি পালায়নয় কৰে মন্ত্ৰী অতুলে৷ লাজে-অপমানে সাহায্য বিতৰণ নকৰাকৈয়ে বালিজান গাঁৱৰ পৰা উভতি আহে অগপৰ সভাপতি অতুল বৰা৷

নিজৰ সমষ্টি বোকাখাত এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত আঢ়ৈ মাহেই দেশত লক-ডাউন চলি থকাৰ মূৰকত অতুল বৰাই এতিয়াহে সাহায্য দিবলৈ সময় পালে নেকি বুলি স্থানীয় লোকে উভতি ধৰে৷

ইপিনে আন কেইবাটাও বিষয়ৰ উত্তৰ বিচাৰে ৰাইজে৷ বোকাখাতৰ মাজ মজিয়াত সংঘটিত বোধেশ্বৰী পেগু, মাইটি পেগু, নমিতা দলে অথবা মুনু ডেকাৰ হত্যাকাণ্ডৰ বিচাৰ, মাটিৰ পট্টা দিম বুলি দিয়া প্ৰতিশ্ৰুতি, লক-ডাউনৰ মাজত ৰাইজৰ সাহায্যৰ বাবে অনা কাজিৰঙা সমবায় সমিতিৰ ৯০০ কুইণ্টল চাউল হৰলুকি আদিৰ বিষয় উত্থাপন কৰাত অতুল বৰা মৌন হৈ থাকিব লগা হয়৷ প্ৰশ্ন সমূহৰ সঠিক উত্তৰ দিব নোৱাৰা অতুল বৰাক বালিজানত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ’ব বুলি ৰাইজে স্পষ্ট কৰে৷ অতুল বৰাই উক্ত স্থানৰ পৰা আঁতৰি যাবলৈ ধৰোতে একাংশ লোকে মোবাইলেৰে ভিডিঅ’ কৰিবলৈ লোৱাত মন্ত্ৰীৰ দেহৰক্ষীয়ে বাধা প্ৰদান কৰে৷ যাৰ বাবে উপস্থিত লোকসকল ক্ষোভিত হৈ পৰে৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত মন্ত্ৰী অতুল বৰাই ঘটনাস্থলীৰ পৰা আঁতৰিবলৈ বাধ্য হয়৷

ইফালে ১৫ জুনৰ এই ঘটনাৰ সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত বোকাখাত বিধায়ক অতুল বৰা সাংঘাটিক ভাৱে হতাশগ্ৰস্ত হৈ ৰাইজৰ সমূখত মূৰ থিয় কৰি কথা কোৱাৰ নৈতিক সাহস হেৰুৱাইছে বুলি মন্তব্য কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মনিকংকনা বৰবৰাই৷ বিবৃতিটোৰ মতে মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ভৰিৰ তলৰ মাটি হেৰুৱাইছে৷ যাৰ বাবে সাহায্য বিতৰণৰ সময়তো পুলিচ চিপাহীৰ আৱেষ্টনিৰ সহায় ল’ব লগা হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে