ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে ৰঙা চীনে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা কৰিছে৷ ১৫ জুনৰ পিছত আগষ্ট আৰু চেপ্তেম্বৰ পৰ্যন্ত তিনিবাৰকৈ ভাৰত ভূখণ্ডত প্ৰৱেশৰ চেষ্টা কৰিছে চীন সেনাই৷ এই সময়ত উত্তপ্ত হৈ আছে চীন-ভাৰত সীমান্ত৷
এই সময়ত তিনিবাৰকৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশৰ চেষ্টা কৰিছে ৰঙা চীনৰ সেনাই৷ কিন্তু ভাৰতীয় বীৰ জোৱানে অনুপ্ৰৱেশ ৰখোৱাই নহয় সাহসেৰে চীনক ভেটি সীমাৰ পৰা উলিয়াই পঠিয়াবলৈ সক্ষম হৈছে৷ সেনাৰ সুত্ৰৰ মতে, ১৫ জুনত চীনৰ আগ্ৰাসন আৰম্ভ হৈছিল পেংগাং হ্ৰদৰ উত্তৰ অংশত৷ এইবাৰ চীনৰ সেনাই প্ৰৱেশৰ চেষ্টা কৰিছে পেংগাং হ্ৰদৰ দক্ষিণ এলেকাত৷
যাৰ ফলত ভাৰতীয় সেনাই তৎপৰতা বৃদ্ধি কৰিছে৷ ভাৰতীয় সেনাই সাহাসেৰে চীনা সৈন্যক ভেটা দি সীমান্তত উচিত শিক্ষা দিয়াৰ পিছতে চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতৰ পদক্ষেপ চীনৰ সাৰ্বভৌমত্বত আঘাত হানিছে৷ ইমানে নহয় ভাৰতীয় সেনাই দুয়ো দেশৰ শান্তিৰ পৰিস্থিতি বিঘ্নিত কৰা বুলি কয়৷ প্ৰকৃততে চীনৰ সেনাই ভাৰতৰ ভূমিত প্ৰৱেশৰ প্ৰতিচ্ছবি স্পষ্ট হৈ পৰাত চীনে নিজৰ ষড়যন্ত্ৰ ঢাকিবলৈ চেষ্টা কৰে৷
শনিবাৰে চীনৰ সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত প্ৰৱেশৰ চেষ্টা কৰিছে৷ তাৰ পিছতে দুয়ো দেশৰ ফ্লেগ মিটিং অনুষ্ঠিত হয়৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা জনোৱা মতে, ২৯-৩০ আগষ্টত পেংগাং হ্ৰদৰ দক্ষিণে প্ৰৰোচনামূলক সামৰিক পদক্ষেপ কৰিছে৷ সেই সময়ত ভাৰতীয় সেনাই অতি মজবুত স্থিতিত চীনা সেনাক ভেটা দিয়ে৷ ভাৰতীয় সেনাই আগ্ৰাসন ৰোধ কৰাৰ লগতে জুন মাহৰ পৰা তিনিবাৰ চীনা সৈন্যৰ প্ৰৱেশৰ চেষ্টাক কঠোৰ ভাৱে বিফল কৰিছে৷