March 30, 2023, 4:46 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

তিনিদিনত ৰিয়াক ২৬ ঘণ্টা সোধ-পোছ চিবিআইৰ, আজি চতুৰ্থবাৰৰ বাবে কৰিব সোধ-পোছ

Reporter Name
  • Update Time : Monday, August 31, 2020
  • 107 Time View

ডিজিটেল ডেস্কঃ বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু কাণ্ডৰ প্ৰধান অভিযুক্ত সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক চিবিআই-এ তৃতীয় বাৰৰ বাবে সোধ-পোছ কৰিলে৷ দেওবাৰ (৩০ আগষ্ট) পৰ্যন্ত একেলগে তৃতীয়বাৰৰ বাবে সোধ-পোছ কৰিছে ৰিয়া চক্ৰৱৰ্তীক৷ দেওবাৰে ৮ ঘণ্টা সোধ-পোছ কৰিছে ৰিয়াক৷
ইয়াৰ পূৰ্বে শুকুৰবাৰে (২৮ আগষ্ট) ১০ ঘণ্টা আৰু শনিবাৰে (২৯ আগষ্ট) ৭ ঘণ্টা সোধ-পোছ কৰিছে৷ মুম্বাইস্থিত ডিআৰডিঅ’ৰ অতিথিশালত চিবিআই-এ সোধ-পোছ অব্যাহত ৰাখিছে ৰিয়াক৷

তদন্তকাৰী সংস্থা চিবিআই-এ এইটো অতিথিশালাত বাহৰ পাতিছে৷ ৰিয়াক পুনৰ তলৱ কৰি সোমবাৰে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে৷ তদ্ৰুপ ৰিয়াৰ ভাতৃ চৌবিক চক্ৰৱৰ্তীক চতুৰ্থ দিনৰ বাবে সোধ-পোছ কৰিছে চিবিআই-এ৷ মুম্বাইস্থিত চাণ্টাক্ৰুজ কলনিৰ পৰা পুৱা ১০ বাজি ৩০ মিনিটত ৰিয়া আৰু ভাতৃ চৌবিক উপস্থিত হয় ডিআৰডিঅ’ৰ অতিথিশালাত৷ মুম্বাই আৰক্ষীৰ এটা দলে ৰিয়াৰ বাহনক সুৰক্ষা দিয়াৰ লগতে কলনিত সুৰক্ষাৰ ব্যৱস্থা কৰিছে৷ চিবিআই-এ বিগত তিনি দিনত ২৬ ঘণ্টা সোধ-পোছ কৰিছে ৰিয়াক৷

চিবিআইৰ আৰ্জিৰ ভিত্তিত অৱশেষত মুম্বাই আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক৷ প্ৰাণৰ প্ৰতি সংশয় অহা বুলি দাবী কৰি মুম্বাই আৰক্ষীৰ কাষ চাপি এখন পত্ৰ প্ৰদান কৰি নিৰাপত্তা বিচাৰিছিল৷ বিশেষকৈ সাংবাদিকৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি ৰিয়াই মুম্বাই আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰিছিল৷ তাৰ পিছতে চিবিআই-এ মুম্বাই আৰক্ষীক ৰিয়াক নিৰাপত্তা দিবলৈ আহ্বান জনাইছিল৷ আজি পুনৰ চিবিআইৰ ওচৰত সোধ-পোছৰ বাবে উপস্থিত হৈছে ৰিয়া৷ ঘৰৰ পৰা ওলোৱাৰ সময়তে ৰিয়াৰ ঘৰ আৰু ফ্লেটৰ গেটত নিৰাপত্তাৰক্ষী নিয়োগ কৰে মুম্বাই আৰক্ষীয়ে৷

সুশান্ত সিং ৰাজপুত গোচৰৰ তদন্ত কৰি থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ সুশান্তৰ কেইবাগৰাকী বন্ধুসহ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধ-পোছ কৰি গৈছে৷ চিবিআয়ে তদন্ত আৰম্ভ কৰি ২৮ আগষ্টত ৰিয়াৰ ভাতৃ চৌবিক চক্ৰৱৰ্তীক প্ৰথম দীৰ্ঘ সময় সোধ-পোছ কৰিছিল৷

উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা সুশান্ত ৰাজপুটৰ আত্মহত্যাৰ ঘটনাৰ প্ৰায় ২ মাহৰ অন্তত বিহাৰৰ এখন আৰক্ষী থানাত পিতৃয়ে এজাহাৰ দাখিল কৰিছিল সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে৷ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী কৰিছে সুশান্তৰ পিতৃ কে কে সিঙে৷ ২৫ জুলাইত গোপনে পাটনাৰ এখন থানালৈ গৈ এজাহাৰ দাখিল কৰে কে কে সিঙে৷ সুশান্তৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ত আৰ্জি দি গোচৰৰ তদন্ত মুম্বাইত কৰিবলৈ আৰু গোচৰ মুম্বাইলৈ বদলি কৰিবলৈ আহ্বান জনাইছিল৷

আত্মহত্যা কাণ্ডৰ তদন্ত চিবিআইক প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈ আহিছে যদিও পৰিয়ালে এই দাবী উত্থাপন কৰা নাছিল৷ পিছত পৰিয়ালে চিবিআই তদন্ত দাবী কৰাত কেন্দ্ৰীয় চৰকাৰে গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰিছে৷ মুম্বাই আৰক্ষীয়ে সুশান্তৰ মৃত্যু কাণ্ডৰ তদন্ত কৰি আছিল যদিও মুম্বাই আৰক্ষীয়ে তদন্ত সঠিক ভাৱে নকৰাৰ অভিযোগ উত্থাপন কৰি বিহাৰৰ পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত তিনি পৃষ্ঠাৰ এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ এটা দল অভিনেত্ৰী ৰিয়াক সোধ-পোছৰ বাবে মুম্বাইত উপস্থিত হয় যদিও বৃহ মুম্বাই নগৰপালিকাই পাটনী আৰক্ষীৰ দলক কোৱাৰাণ্টাইন কৰিছিল৷

সুশান্ত সিঙৰ পিতৃ কে কে সিঙে এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাই নতুন মোৰ লয়৷ এজাহাত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পৰা অৰ্থ আদায় কৰা, কামত বাধা দিয়া, পৰিয়ালৰ পৰা দূৰত ৰখা আৰু শেষত সুশান্তৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে৷ আত্মহত্যা কাণ্ডৰ তদন্ত বিহাৰ আৰক্ষীৰ দ্বাৰা কৰিবলৈ দাবী জনাইছিল সুশান্তৰ পৰিয়ালে৷

সুশান্তৰ মৃত্যুৰ দুমাহ পাৰ হৈ গৈছে আৰু এই পৰ্যন্ত ৩৬গৰাকী লোকক সোধ-পোছ কৰিছে৷ যোৱা ১৪ জুনত সুশান্তৰ মৃতদেহ মুম্বাইৰ বান্দ্ৰাস্থিত ঘৰত উদ্ধাৰ হৈছিল৷ সুশান্তে চিপ লৈ আত্মহত্যা কৰা বুলি প্ৰচাৰ হয় যদিও একাংশ লোকে হত্যাৰ অভিযোগে উত্থাপন কৰি আহিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে