February 1, 2023, 2:25 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

তিনিটা দশকৰ মূৰকত আমগুৰিবাসীৰ সপোন পূৰ্ণঃ আমগুৰি সৌৰ শক্তি প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

Reporter Name
  • Update Time : Tuesday, May 31, 2022
  • 32 Time View

আমগুৰিৰ পৰা ৱাকিল আহমেদঃ সূদীৰ্ঘ তিনিটা দশকৰ মূৰত আজি আমগুৰিবাসীৰ এটা সপোন পূৰ্ণ হ’ল৷ যাৰ ফলত আজি উৎফুল্লিত আমগুৰিবাসী। ৰাজ্যৰ শক্তিখণ্ডক শক্তিশালী কৰিবলৈ তিনিটা দশক পূৰ্বে স্থাপন কৰা আমগুৰিৰ সৌৰশক্তি প্ৰকল্প আজি উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। যাৰ দ্বাৰা কিছু পৰিমাণে বিদ্যুতৰ অভাৱ পূৰণ হ’ব বুলি আশা কৰা হৈছে। ১৯৯০ চনৰ পৰাই চৰ্চাত আছিল আমগুৰিৰ সপোনৰ প্ৰকল্প। ১৯৯০ চনৰ ২১ নৱেম্বৰত তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিৰ লালিমচাপৰিত তাপ বিদ্যুত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু ৰাজনৈতিক অৰিয়া-অৰিত প্ৰকল্পটো সম্পূৰ্ণ হোৱাত দীৰ্ঘ সময় লাগিল৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে বহু প্ৰত্যাশিত আমগুৰি সৌৰশক্তি প্ৰকল্প। দুপৰীয়া ১.৩০ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে সৌৰ প্ৰকল্পটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰে৷ সৌৰশক্তি প্ৰকল্পটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ সৌৰশক্তি প্ৰকল্প হিচাপে পৰিগণিত হৈছে। আমগুৰিৰ জ্ঞানবিকাশ বিদ্যাপীঠৰ খেলপথাৰত অনুষ্ঠিত জনসভাত ভাগ লৈ আমগুৰিবাসী ৰাইজৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে আমগুৰিত এশখন বিচনাযুক্ত চিকিৎসালয়, আমগুৰি আইবি পুনৰ নিৰ্মাণৰ বাবে ৭ কোটি প্ৰদানৰ ঘোষণা, আমগুৰি কেন্দ্ৰীয় নাট্যমন্দিৰ সম্পূৰ্ণ কৰাৰ বাবে দুই কোটি টকা প্ৰদানৰ ঘোষণা কৰে। আনহাতে আমগুৰিক মহকুমালৈ উন্নীত কৰাৰ বাবে পৰৱৰ্তী সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

২০১৬ চনত অসমত বিজেপিৰ মিত্ৰজোঁট চৰকাৰ অহা পিছত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগপৰ জ্যেষ্ঠ বিধায়কগৰাকীৰ দাবী গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে (উৎপাদন) তাপ বিদ্যুৎ প্ৰকল্পটো সৌৰশক্তি প্ৰকল্পলৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৌৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে আৰু ২৭০ কোটি টকা ব্যয়ৰে ৭০ মেগাৱট ক্ষমতা সম্পন্ন এই প্ৰকল্পৰ নিৰ্মানৰ দায়িত্ব প্ৰদান কৰে দিল্লীস্থ জেকচন পাৱাৰ লিমিটেড নামৰ কোম্পানীটোক৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰাই এই প্ৰকল্পক সাজু কৰি তুলিবলৈ প্ৰয়াস কৰিছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰকল্পটো কেৱল ৰাজনৈতিক কাৰণতে সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ উঠিছিল। আনহাতে আধাৰশিলা স্থাপনৰ ৩ বছৰৰ ভিতৰতে সৌৰশক্তি প্ৰকল্পটো উৎপাদনক্ষম কৰিবলৈ সক্ষম হয় নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। সৌৰশক্তি প্ৰকল্পটোৰ পৰা আমগুৰিৰ লগতে উজনি অসমবাসী উপকৃত হ’ব।

আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই মুখ্যমন্ত্ৰীগৰাকীক কাঁহৰ বানবাতি আৰু থালেৰে সম্বৰ্ধনা জনোৱাত ভাষণত কয় যে কইনাক বিদায় দিলেহে এনে উপহাৰ দিয়ে মোক কইনা নহয় দৰা হিচাপে আদৰক৷ মই আমগুৰিলৈ আকৌ আহিম চিকিৎসালয়খনৰ আধাৰশিলাৰ বাবে তেতিয়াই মই আমগুৰিবাসীৰ সৈতে এসাজ খাম। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অহা এটা দলে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। নাগালেণ্ড তুলী জিলাৰ চিটি টাউনৰ চেয়াৰমেনগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক উত্তৰ-পূবৰ হি’ৰ হিচাপে অভিহিত কৰে। আজি সৌৰ শক্তি প্ৰকল্পটো মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শক্তি মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকে। আজি সভাত ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে