তিনিচুকীয়াঃ নেৰা-নেপেৰা বৰষুণৰ ফলত নৈ সমূহ ফেনে-ফোটোকাৰে বাঢ়ি অহাত ৰাজ্যৰ কেইবাঠাইত মথাউৰি ছিগি কেইবাহাজাৰ লোক বানৰ কৱলত পৰিছে৷ সমানে উজনিৰ তিনিচুকীয়া জিলাতো বহু অঞ্চল বানৰ কৱলত পৰি ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ বাৰিষা অহাৰ পিছতে প্ৰতিবছৰেই বানৰ কৱলত পৰি হাহাকাৰ কৰিবলগীয়া হয় তিনিচুকীয়া জিলাৰ ৰাইজ।
এই বছৰতো বৰলুইতকে ধৰি আন আন নৈ-উপনৈৰ পানী বাঢ়ি অহাত বহু অঞ্চলৰ ঘৰ-দুৱাৰ, খেতি পথাৰ বিনষ্ট কৰি পেলাইছে৷ বুধবাৰে নিশাৰ পৰা নেৰা-নেপেৰা বৃষ্টিৰ ফলত তিনিচুকীয়া জিলাৰ নতুন ৰঙাগড়া, বাৰেকুৰি ৰিয়াটিং, হাতীবাট, পুৰাণি মতাপুং, কাকপথাৰ, ডিৰাক, বৰডুমচা, ৰিতুকঠালগুৰি গাঁৱৰ লগতে বহু ন ন অঞ্চল ডুব গৈছে। বানৰ কৱলত পৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু ঠাইত উটি গৈছে চৰকাৰে নিৰ্মাণ কৰা দলং। বিছিন্ন হৈছে পৰিছে যোগাযোগ ব্যৱস্থা।