কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ঢলা ছৈখোৱাত অৱস্থিত শ্ৰী শ্ৰী কেচাইখাইতী শালত আজি “বাবু পূজা”৷ পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই ঐতিহাসিক পূজাভাগলৈ৷ জনবিশ্বাস অনুসৰি বাবু পূজাত সেৱা কৰিলে মনৰ আশা পূৰণ হয়৷ বিগত বছৰ সমুহৰ দৰে এইবাৰ মেলা নতুবা দোকান পোহাৰৰ সমাহাৰ ঘটা নাই যদিও সমাগম ঘটিছে বহু ভক্তৰ৷ পূজা উদযাপন সমিতিয়ে কভিড প্ৰটকলৰ বাবে এনে হোৱা বুলি জনাই ৷ পূজা ভাগত বলি দিয়াৰ প্ৰথা আছে যদিও বিগত বছৰৰ তুলনাত ছাগলী, হাহঁ পাৰ ইত্যাদিৰ সংখ্যাও যথেষ্ঠ কম দেখা গৈছে৷ পূৱাই শালত আশীষ বিচাৰি উপস্থিত হয় শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি বহু নেতা কৰ্মী ৷ উল্লেখ্য যে বাগানৰ বাবু সকলে অন্য সময়ত পূজা কৰিবলৈ সময় নোপোৱাত বাগানৰ কাম কাজ কমি অহাৰ সময়তে ডিচেম্বৰ মাহৰ প্ৰথম দেওবাৰটোত পূজা কৰিবলৈ অহাৰ বাবে ইতিহাসৰ পৰা এই পূজা “বাবু পূজা” নামেৰে জনাজাত৷