গুৱাহাটীঃ ৰাজ্যত নিতৌ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এখন সংবাদমেল যোগে শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ বিষয় স্পষ্ট কৰে৷ কোভিড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰা অসমত মৃত্যুৰ হাৰ বাঢ়িছে বুলি অকপটে স্বীকাৰ কৰে৷
ইফালে এতিয়াৰ পৰা কোভিড চিকিৎসালয় আৰু কোৱাৰাণ্টাইন কেন্দ্ৰত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকেহে খাদ্য লাভ কৰিব৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নাইবা অন্য পেয়িং কেবিনত থকা ৰোগীয়ে নিজৰ ব্যয় নিজে বহন কৰিব লাগিব আৰু তাৎক্ষণিক ভাৱে কোভিড পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ হলে ২২০০ টকা ভৰিব লাগিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে৷