তামুলপুৰঃ তামুলপুৰৰ কচুকাটাত নিম্ন মানৰ সামগ্ৰীৰে কালভাৰ্ট নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ তামুলপুৰ মহকুমাৰ লতিবাৰী-কচুকাটা-বেলবাৰী সংযোগী গড়কাপ্তানি পথত পকী কালভাৰ্ট নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে৷ ঠিকাদাৰ তথা গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ক্ষোভিত ৰাইজে ক্ষোভ উজাৰি কালভাৰ্ট নিৰ্মাণত ঠিকাদাৰে ভঙা ক্ৰেছাৰ মিলত পৰি থকা শিল, মাটি মিহলি বালি, ডাঙৰ ডাঙৰ শিলত চিমেন্ট মিহলি কৰি লোহাৰ ৰড ব্যৱহাৰ নকৰাকৈ কালভাৰ্ট নিৰ্মাণৰ কাম কৰি থকা বুলি অভিযোগ উত্থাপন কৰে৷
স্থানীয় ৰাইজে আঁচনি অনুযায়ী কালভাৰ্টৰ নিৰ্মাণৰ কাম কৰিবলৈ ঠিকাদাৰক অনুৰোধ জনোৱাৰ পিছতো নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য চলাই থকাত আজি পুৱা স্থানীয় ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে৷ স্থানীয় ৰাইজে পুৰ্বতেও উক্ত স্থানত অতি নিম্নমানৰ সামগ্ৰীৰে এটা কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও কেইবছৰমান পিছতেই কালভাৰ্টটো ভাঙি পৰা বুলি কয়৷ আনহাতে কালভাৰ্ট নিৰ্মাণ কৰি থকা নিৰ্মাণ শ্ৰমিকসকলেও ঠিকাদাৰৰ নিৰ্দেশ মতে কালভাৰ্টৰ কাম কৰি আছে বুলি কয়৷
ৰাইজে শ্লেব কালভাৰ্টটো নিৰ্মাণকাৰী ঠিকাদাৰৰ শ্ৰমিকসকলক কাম বন্ধ কৰিবলৈ দিয়ে৷ কালভাৰ্টটোত চৰকাৰৰ আঁচনি অনুসৰি উপযুক্ত পৰিমানৰ শিল-বালি ব্যৱহাৰ কৰি কাম কৰিবলৈ আহ্বান জনায়৷ আনহাতে তামুলপুৰ উপ সংমণ্ডলৰ অভিযন্তা-বিষয়া-কৰ্মচাৰীকো সঠিক ভাৱে কামৰ তদাৰক কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে৷