ডিজিটেল ডেস্কঃ তামিলনাডুৰ কুড্ডালুৰ জিলাৰ এটা ফটকা ফেক্টৰীত বিস্ফোৰণ কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ শুকুৰবাৰে দিনৰ ভাগত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু হৈছে৷ আনহাতে ৪ জন লোক আহত হৈছে৷ ৰাজধানী তামিলনাডুৰ পৰা ১৯০ কিঃ মিঃ নিলগত সংঘটিত এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা লগতে বিস্ফোৰণ কাণ্ড কিয় সংঘটিত হৈছে সেই কথা জানিব পৰা হোৱা নাই৷