তামিলনাডুত এম.কে ষ্টেলিনৰ নেতৃত্বত ডিমকেৰ চৰকাৰ চলি থকাৰ মাজতে আজি আন এগৰাকী বিজেপি নেতাক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপিৰ কেন্দ্ৰীয় চেন্নাইৰ অনুসূচীত জাতি-জনজাতি শাখাৰ সভাপতি বালা চন্দ্ৰনক চেন্নাইৰ চিন্তাদ্ৰিপেটত তিনি অজ্ঞাত লোকে গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷