গুৱাহাটীঃ ঘোষণা কৰা হৈছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বঁটাসমূহ ঘোষণা কৰে।
অসম বৈভৱ – ডাঃ তপন শইকীয়া। শইকীয়া দিশিকা ফাউণ্ডেচনৰ অন্যতম পৃষ্ঠপোষক। তেওঁ অসম আৰু উত্তৰ-পূব ৰাজ্যসমূহত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়াইছে।
অসম সৌৰভ- কৃষ্ণ ৰয়। তেওঁক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়। তেওঁ আৱাহন থিয়েটাৰৰ প্ৰযোজক।
অসম সৌৰভ- গিলবাৰ্ট চাংমা। খেলৰ ক্ষেত্ৰখনত আগবঢোৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।
অসম সৌৰভ- নয়নমণি শইকীয়া। খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম সৌৰভ- ড০ বিনজয় কুমাৰ শইকীয়া। বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ এই বঁটা প্ৰদান কৰা হয়।
অসম সৌৰভ- শশীধৰ ফুকন। স্বাস্থ্য আৰু সমাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- ধৃতিমালা ডেকা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- দেৱজিত বৰ্মন। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- ৰুস্তম বসুমতাৰী। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- মাঞ্জেলা। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- বিনন্দ হাতীবৰুৱা। পৰিৱেশ আৰু বন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- অতুল চন্দ্ৰ বৰুৱা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ – কল্যাণী ৰাজবংশী। উদ্যোগপতি গৰাকীলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ- চিলা গোৱালা। তেওঁ এগৰাকী আশা কৰ্মী। ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- ড০ যোগেশ দেউৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- ড০ পংকজ লাল গগৈ। উদ্যোগপতি গৰাকীলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
অসম গৌৰৱ – সৰ্বেশ্বৰ বসুমতাৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- মনথাং হমাৰ। কৃষি ক্ষেত্ৰলৈ অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- ড০ ধ্ৰুৱজ্যোতি শৰ্মা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- দয়াল গোস্বামী। সত্ৰীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।
অসম গৌৰৱ- ড০ চৈয়দ ইফটিকাৰ আহমেদ। এইডচ আৰু ড্ৰাগছ বিৰোধী সজাগতা মূলক কাম কাজৰ বাবে এই বঁটা।