ডিজিটেল ডেস্কঃ বলিউদৰ ড্ৰাগছ সেৱন কাণ্ডত নাৰ্কটিক ব্যূৰৰ তদন্তৰ আওতাত আহিব পাৰে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকণ৷ এটা
ড্ৰাগছ যোগনীয়াৰৰ সৈতে হোৱা হোৱাটছএপ বাৰ্তালাপত দিপীকাৰ নাম সাঙোৰ খাইছে৷
ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটছএপ সংযোগ সন্দৰ্ভত কৰা তদন্তত জয়া চাহা নামৰ মহিলাৰ সৈতে ৰিয়া কথোপকথন পোহৰলৈ আহিছে৷ ৰিয়াই জয়াৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল৷ জয়া চাহাৰ হোৱাটছএপ কোড সহ চেভ থকা নম্বৰ দীপিকা পাডুকনৰ বুলি চিনাক্ত কৰা হৈছে৷
একেটা গ্ৰুপত কৰিশ্মা নামৰ আন এগৰাকী মহিলাৰ নাম ওলাই পৰাত ইতমিধ্যে কৰিশ্মাক তলৱ কৰিছিল এনচিবিয়ে৷ বিশেষ হোৱাটছএপ গ্ৰুপত দিপীকাই ড্ৰাগছ বিচাৰি মেছজে কৰা বুলি দাবী কৰা হৈছে৷