উত্তৰ পূৰ্বাঞ্চলৰ পৰা ড্ৰাগছ, গৰু, জন্তুৰ অংগৰ লগতে হাতীৰ সৰবৰাহো অব্যাহত আছে৷ এই কথা আজি প্ৰমাণিত হৈছে৷ অসমৰ মাজেৰে অৰুণাচলৰ পৰা গুজৰাটলৈ নি থকা ৭টা হাতী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ শোণিতপুৰৰ ঢেকিয়াজুলিত ৫ খনকৈ ট্ৰাকত ৭টা হাতী জব্দ হৈছে। বন বিভাগৰ সহায়ত ঢেকিয়াজুলী আৰক্ষীয়ে ৰাজপথত অভিযান চলাই ট্ৰাকসহ ৭টাকৈ হাতী জব্দ কৰে। GJ-10-TT-6373, GJ-03-BV-8111, GJ-10-TT-5373, GJ-09-Z-2750, GJ-10-TT-5373 আৰু GJ-10-TV-7866 নম্বৰৰ ট্ৰাকৰ পৰা হাতী কেইটা উদ্ধাৰ হয়৷ প্ৰথমে ঢেকিয়াজুলিত ৫টা জব্দ কৰাৰ লগতে শোণিতপুৰ-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওৰাঙৰ তালাচী চকীত দুখন ট্ৰাকসহ ২টা হাতী আৰু এখন স্কৰপিঅ জব্দ হয়৷ হাতী ধৰা পৰাৰ পিছতে বন বিভাগ তৎপৰ হৈ পৰিছে৷ হাতী সৰবৰাহৰ বৈধ নথি পত্ৰ আছে নে নাই বন বিভাগে পৰীক্ষা অব্যাহত ৰাখিছে৷ স্বাস্থ্যৰ অৱনতি ঘটিছে হাতী কেইটাৰ।