নজৰুল হক, গোৱালপাৰাঃ এটাৰ পিছত আনটো সফল অভিযান চলাইছে গোৱালপাৰা আৰক্ষীয়ে৷ গোৱালপাৰা আৰক্ষীয়ে আজি পুনৰ সফল অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আজি বিয়লি প্ৰায় চাৰি বজাত এক গোপন সুত্ৰৰ পম খেদি নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত গোৱালপাৰা বৰপাহাৰত অভিযান চলাই চাৰিশ নিচাজাতীয় কেপচুল আৰু এশ আঁঠটা নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, গোৱালপাৰা চহৰৰ নিকটৱৰ্তী বৰপাহাৰ ঘুলটুং বজাৰৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ বাসগৃহত মাটিত পুতি থোৱা অৱস্থাত নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে৷