কাকপথাৰঃ অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত সমন্বয় মণ্ডল পৰ্যায়ৰ গ্ৰাম্য সংগঠনৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি নাৰী দিৱস উদযাপন কৰা হয়৷ কাকপথাৰ ব্লকৰ মাইঠং, ডিৰাক, কৈলাশপুৰ আৰু টঙনা গাঁও পঞ্চায়তৰ সৌজন্যত ডিৰাক চাৰিআলি ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত বৰ্ষপূৰ্তি তথা নাৰী দিৱসৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতিতৰ্পণ, গছপুলি ৰোপণৰ পিছতেই নাৰী সজাগতামূলক শোভাযাত্ৰাৰ অন্তত এখন সভা অনুষ্ঠিত হয়৷ সভাখনত অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাকপথাৰ ব্লকৰ বিষয়া জয়ন্ত সোণোৱাল, গোবিন্দ বৰুৱা, নন্দিতা শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ চাৰিওটা পঞ্চায়ত আত্মসহায়ক গোটৰ শতাধিক সদস্য-সদস্যা উপস্থিত থাকি চতুৰ্থ বৰ্ষপূতিৰ লগতে আন্তজাতিক নাৰী দিৱসৰ বিভিন্ন কাৰ্যসুচীত অংশগ্ৰহণ কৰা দেখা যায়৷