বেইজিংঃ লাদাখ সীমান্তত উত্তেজনাক লৈ ভাৰতে টিকটকসহ ৫৯ টা চীনা এপ নিষিদ্ধ কৰাৰ পিছতে চীনৰ টুইটাৰ সদৃশ ছ’চিয়েল মিডিয়া Weiboত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাউণ্টৰ পৰা ডিলিট কৰি দিছে ফটো, পোষ্ট আৰু কমেণ্ট। ইয়াৰ এদিন পূৰ্বে ছ’চিয়েল মিডিয়া এপ WeChatৰ পৰা ভাৰতীয় দূতাবাসৰ অফিচিয়েল একাউণ্ট আঁতৰাই দিছিল চীনা কৰ্তৃপক্ষই।
উল্লেখ্য যে, ২০১৫ চনত প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ গৈছিল নৰেন্দ্ৰ মোদী। সেই ভ্ৰমণৰ পূৰ্বে দুই দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সুদৃঢ় কৰিবলৈ Weiboত এটি একাউণ্ট খোলা হৈছিল। এই একাউণ্টত ফল’ৱাৰৰ সংখ্যা আছিল ২ লাখ ৪৪ হাজাৰৰো অধিক। ইয়াৰ সৰহসংখ্যাকেই হৈছে চীনা নাগৰিক।
উক্ত একাউণ্টটো খোলাৰ দিন ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে চীনা ভাষাতে পোষ্ট কৰি আহিছিল। সেই ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ পোষ্টসমূহে বিগত সময়ছোৱাত চীনা নাগৰিকসকলৰ পৰা যথেষ্ট সহাৰি লাভ কৰা দেখা গৈছিল।