নিউজ ডেস্কঃ নগালেণ্ডৰ নিৰ্বাচনী কাম-কাজত নিয়োজিত ভাৰতীয় সীমান্তৰক্ষী বাহিনী (BSF)ৰ ৫২ নং বেটেলিয়নৰ এখন বাছ ডিমাপুৰৰ নিকটৱৰ্তী অঞ্চলত দুৰ্ঘটনাত পতিত হোৱাত ২৪ জন জোৱান আহত হয়। জুনহেবোটো অভিমুখী বাছখন দয়াং নদীৰ ওচৰত এজোপা গছত খুন্দা মাৰি ৬০ ফুট তলৰ এটা গাঁতত সোমাই পৰে। ফলত বাছখনত থকা ৪১ গৰাকী যাত্রীৰ ভিতৰত ২৪ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যান্ত্ৰিক বিজুতিৰ বাবে বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি BSFৰ সূত্রই সদৰি কৰিছে।