ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত ক’ৰোনা ভাইৰাছৰ ভয়াবহ গণ সংক্ৰমণ অব্যাহত আছে। সোমবাৰে জিলাখনৰ ২৯১গৰাকী ব্যক্তিৰ শৰীৰত ধৰা পৰে কোভিড-১৯। ইয়াৰ ভিতৰত ৰেপিড টেষ্টত কোভিড পজিটিভ বুলি চিনাক্ত কৰে ১৪৭গৰাকী। উল্লেখযোগ্য যে জিলাখনত এই পৰ্যন্ত ৭৮৬১গৰাকীৰো অধিক লোক কভিড-১৯ত আক্ৰান্ত হৈছে।