চাবুৱাঃ চৰকাৰে দৰিদ্ৰসসলৰ বাবে ভিন্ন আঁচনি ৰূপায়ন কৰিলেও বহু দৰিদ্ৰ পৰিয়ালে এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ কোটোহা গাঁও পঞ্চায়তৰ জকাইৰ ২৭ঘৰীয়া বনকৈৱৰ্ত গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালে আজিও বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰা৷
ডিব্ৰুগড় জিলাৰ ১১৫নং মৰাণ বিধানসভা সমষ্টিৰ কুটুহা গাঁও পঞ্চায়তৰ জকাই ২৭ঘৰীয়া গাঁৱত দৰিদ্ৰতাই কোঙা কৰিছে ৰেখামণি দাসৰ পৰিয়ালক। ৰেখামণি দাসৰ মহিলাগৰাকীয়ে সংগ্ৰাম কৰি দুই সন্তানসহ জীৱন অতিবাহিত কৰিছে যদিও আজিলৈ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। খেতিৰ মাটি, জমা ধন নথকাৰ লগতে উপাৰ্জনৰ কোনো পথ নথকা ৰেখামণিৰ কেইবছৰমান পূৰ্বে মাছমৰীয়া স্বামীৰ মৃত্যু হোৱাত দুই পুত্ৰ-কন্যাক বুকুত সাৱটি লৈ জীয়াই থাকিব লগীয়া হৈছে। ৰেখামণিয়ে দিনহাজিৰা কৰিবলৈ ওলাই নগলে চৌকা নজ্বলে।
কেতিয়াবা কাৰোবাৰ ঘৰত বন কৰি, বাচন ধুই ৰেখামণিয়ে পোহপাল দিছে সন্তাক দুটাক। ইমানে নহয় ৰেখামণিৰ দুই পুত্ৰ আৰু কন্যা সন্তান বিগত এমাহ ধৰি অচিন ৰোগত ভুগি আছে। চিকিৎসাৰ বাবে নাই টকা। মাতৃগৰাকীৰ এটাই মাথো চিন্তা কেনেকৈ ল’ৰা-ছোৱালী কেইটাক চিকিৎসা কৰিব পাৰি। পঞ্চায়তৰ পৰাও আজিলৈ সহায় নাপালে পৰিয়ালটোৱে। অসহায় মহিলাগৰাকীয়ে লৰা-ছোৱালী দুটাৰ চিকিৎসাৰ বাবে বিচাৰিছে ৰাইজৰ পৰা সহায়।
গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীক ফোন যোগে সাংবাদিকে বিষয়টো অৱগত কৰিছিল যদিও সভানেত্ৰীগৰাকীৰো কথাষাৰ গা এৰাই চলা দিয়া পৰিলক্ষিত হয়। চৰকাৰে দৰিদ্ৰসকলৰ বাবে লোৱা কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই পৰিয়ালটোক। আজি পৰ্যন্ত PMAY এটি ঘৰ নাপালে ৰেখামণি দাস। এই দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ বাবে স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ আহবান জনাইছে।