ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ গ্ৰেহেমবজাৰত ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈছে এগৰাকী কিশোৰ৷ শনিবাৰে সন্ধাহীন হোৱা কিশোৰজন ১৭ বছৰীয়া চুনু মহাতু বুলি জানিব পৰা গৈছে৷ এছডিআৰএফৰ দ্বাৰা উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও বৰ্তমানেও কোনো সুংশুত্ৰ নাই কিশোৰ মহাতুৰ৷
জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ পৰা ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ মোমায়েকৰ ঘৰলৈ আহিছিল কিশোৰ মহাতু৷ মোমায়েকৰ ঘৰলৈ আহি ব্ৰহ্মপুত্ৰৰ পাৰত ঘুৰিবলৈ যোৱাৰ সময়তে শনিবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় কিশোৰ মাহাতু। চাৰি বন্ধুৰ সৈতে লুইতৰ বুকুত সাতুৰি থাকোতেই সোঁতে উটুৱাই নিয়ে চুনু মহাতুক৷ এছডিআৰএফে কিশোৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।